ETV Bharat / state

হোজাইত বান পৰিস্থিতি পৰিদৰ্শন বিধায়ক শিলাদিত্যৰ

হোজাই জিলাৰ বিভিন্ন অঞ্চলতো ভয়ংকৰ বান পৰস্থিতি ৷ বহু লোকে ঘৰ এৰি নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰি আছে ৷ পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে উপস্থিত হয় বিধায়ক শিলাদিত্য দেৱ ৷

ETV BHARAT
হোজাইত বান পৰিস্থিতি পৰিদৰ্শন বিধায়ক শিলাদিত্যৰ
author img

By

Published : May 30, 2020, 3:18 PM IST

হোজাই, 30 মেঃ হোজাইত বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে উপস্থিত হয় বিধায়ক শিলাদিত্য দেৱ ৷ বিগত কেবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বহু জিলাত ইতিমধ্যে ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ভয়ংকৰ বানত ইতিমধ্যে বহু লোকৰ ঘৰ দুৱাৰ নষ্ট হোৱাৰ উপৰিও হাজাৰ-হাজাৰ কৃষি ভূমি নষ্ট হৈছে ৷ বানপানীৰ ফলত হোজাই জিলাতো বিস্তৰ ক্ষতিসাধন হয় ৷ যাৰ ফলত বহু লোকে ঘৰ এৰি নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে ৷

MLA siladitya Dev Visit  flood Area At Hojai
হোজাইত বান পৰিস্থিতি পৰিদৰ্শন বিধায়ক শিলাদিত্যৰ

জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে শনিবাৰে বান ক্ষতিগ্ৰস্থ অঞ্চলত উপস্থিত হয় বিধায়ক শিলাদিত্য দেৱ ৷ বিধায়ক শিলাদিত্যই ৰাধানগৰ, শিৱপুৰ, হায়ঙগাঁও, কাণ্ডুলিমাৰী, বাৰফুটি আদি অঞ্চলত এছডিআৰএফ বাহিনীৰ সৈতে একলগে বান পৰিস্থিতিৰ বুজ লয় । যোগীজান ৰে'লপথৰ দাঁতিত থকা অস্থায়ী শিবিৰসমূহ পৰিদৰ্শন কৰাৰ লগতে বানাক্ৰান্ত লোকসকলৰ সমস্যাৰ বুজ লয় বিধায়কজনে ৷

লগতে পঢ়ক- 72 ঘণ্টা পাছতো নিয়ন্ত্ৰণলৈ অহা নাই বাঘজান তৈল খাদৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.