ETV Bharat / state

আধাৰশিলা স্থাপন কৰিবলৈ অথন্তৰ বিধায়ক শিলাদিত্য দেৱৰ

author img

By

Published : Aug 13, 2020, 3:26 PM IST

এটা পথ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ বাবে গৈ চুবুৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ ৰাইজৰ ৰোষত পৰিল বিধায়ক শিলাদিত্য দেৱ ৷

বিধায়ক শিলাদিত্য দেৱ
বিধায়ক শিলাদিত্য দেৱ

হোজাই, 13 আগষ্ট: শেহতীয়া ভিন্ন বিবাদৰ পাচত এইবাৰ চুবুৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ ৰাইজৰ ৰোষত পৰিল বিতৰ্কৰ আবৰ্তত থকা বিধায়ক শিলাদিত্য দেৱ ৷ এটা পথ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ বাবে গৈ চুবুৰীয়া জিলা খনৰ ৰাইজৰ ৰোষত পৰে বিধায়কগৰাকী ৷ হোজাই-পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চল ফৰেষ্ট বজাৰত সংঘটিত হয় এই ঘটনা ৷

আধাৰশিলা স্থাপন কৰিবলৈ অথন্তৰ বিধায়ক শিলাদিত্য দেৱৰ

বুধবাৰে হোজাই জিলাৰ অন্তৰ্গত ছিংজুৰি গাঁৱত অৱস্থিত এখন দলঙৰ পৰা কৃষ্ণনগৰ-দুৰ্গাবাৰী-ফৰেষ্ট বজাৰ সংযোগী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিবলৈ কাৰ্বি আংলঙৰ ফৰেষ্ট বজাৰত উপস্থিত হৈছিল বিধায়ক শিলাদিত্য দেৱ ৷ কিন্তু যি ঠাইত আধাৰশিলা স্থাপনৰ ব্যৱস্থা কৰা হৈছিল সেইয়া সম্প্ৰতি পশ্চিম কাৰ্বি আংলঙৰ ভূমি ৷ বিধায়ক গৰাকীয়ে কাৰ্বি আংলং প্ৰশাসনৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈ কাৰ্বি আংলঙৰ ভূমিত আধাৰশিলা স্থাপন কৰিবলৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে কাৰ্বি ছাত্ৰ সন্থা, কাৰ্বি কৃষক সন্থাৰ লগতে কেইবাটাও ৰাজনৈতিক সংগঠনে ৷ তেওঁৰ এই কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দল-সংগঠন কেইটাই ৷ ৰাইজৰ ৰোষৰ বলি হোৱা বিধায়ক গৰাকীয়ে পৰৱৰ্তী সময়ত উক্ত স্থানত আধাৰশিলা স্থাপন কাৰ্য প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয় ৷

লগতে পঢ়ক: মৰিগাঁৱত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰৱ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.