ETV Bharat / state

লংকাত স্বাস্থ্যকৰ্মীক সম্বৰ্ধনা বিধায়ক ৰামকৃষ্ণ ঘোষৰ

author img

By

Published : May 19, 2021, 9:54 AM IST

মঙলবাৰে লংকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ পৰিদৰ্শন কৰে বিধায়ক ৰামকৃষ্ণ ঘোষে ৷ স্বাস্থ্যকেন্দ্ৰটোত উপস্থিত হৈ তেওঁ সাংবাদিক আৰু চিকিৎসা কৰ্মীসকলক সম্বৰ্ধনা জনায় ৷

ramkrishna-ghosh-sudden-visit-at-lanka
লংকাত স্বাস্থ্যকৰ্মীক সম্বৰ্ধনা বিধায়ক ৰামকৃষ্ণ ঘোষৰ

হোজাই,19 মে’: লংকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত মঙলবাৰে উপস্থিত হৈ চিকিৎসা কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষে ৷ স্বাস্থ্য কেন্দ্ৰটোত উপস্থিত হোৱাৰ পাচতেই সাংবাদিক আৰু চিকিৎসা কৰ্মীসকলক সম্বৰ্ধনা জনায় বিধায়কগৰাকীয়ে ৷ ক’ভিড মহামাৰীৰ সময়চোৱাত জীৱনকো তুচ্ছ জ্ঞান কৰি দায়িত্ব পালন কৰা সাংবাদিক তথা চিকিৎসকসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে বিধায়কগৰাকীয়ে ৷

উল্লেখ্য যে, প্ৰথমে লংকাস্থিত সাংবাদিক সন্থাৰ কাৰ্যালয়ত উপস্থিত হৈ বিধায়কগৰাকীয়ে বিশিষ্ট বুদ্ধিজীৱী তথা জ্যেষ্ঠ সাংবাদিক প্ৰয়াত হোমেন বৰগোহাঞিৰ ফটোত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

লগতে পঢ়ক : লাহৰীঘাটত প্ৰথমগৰাকী কৰ’ণা ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.