হোজাই, 22 অক্টোবৰ: দুৰ্গা পূজাৰ উচ্ছাহৰ মাজতে বুকু শুদা হ’ল এহাল পিতৃ-মাতৃৰ ৷ যোৱা 20 দিন ধৰি পুত্ৰক বিচাৰি হাবাথুৰি খাইছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে (Minor boy missing in Lanka station) ৷ লংকা ৰে’ল ষ্টেশ্যনলৈ প্ৰতিদিনৰ দৰেই ঠেলা চলাবলৈ গৈছিল ৰবিয়ে ৷ কিন্তু সেই নিশা ঠেলা চলাবলৈ গৈ ঘৰলৈ উভতি নাহিল ৰবি ৷
ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে শিশু নিৰুদ্দেশৰ ঘটনা (Child missing case in Assam)। এইবাৰ ঘটনাৰ স্থান লংকা ৰেল ষ্টেচন । ঘটনা অনুসৰি দৰিদ্ৰতাই কোঙা কৰা লংকা ১ নং চামবাৰীৰ মইনুল হকৰ সন্তান আছিল ১৪ বছৰীয়া কিশোৰ ৰবি (Rabi Hussain missing case in Hojai)। ঘৰখনত দুবেলা দুমুঠি যোগাৰ কৰাৰ মানসেৰে মইনুল হকে একমাত্ৰ পুত্ৰ ৰবি হুছেইনক পঢ়া শুনা এৰাই ঠেলা চলাই ঘৰখনত অলপ হ’লেও আৰ্থিকভাৱে সহায় বিচাৰিছিল ৷ পিতৃৰ কথামতে ৰবিয়ে প্ৰতিদিনে ঠেলা চলাবলৈ গৈছিল ৷
লগতে পঢ়ক: ISRO Countdown : ইছৰোৰ ঐতিহাসিক ৰকেট উৎক্ষেপণৰ কাউণ্ট ডাউন আৰম্ভ
কিন্তু এইবাৰ ঠেলা চলাবলৈ গৈ ঘৰলৈ উভতি নাহিল ১৪ বছৰীয়া ৰবি হুছেইন । বিগত ২০ দিন ধৰি নিৰুদ্দেশ হৈ আছে ৰবি ৷ কোনো সুংসুত্ৰ নাই ৰবি হুছেইনৰ । নিখোজ হোৱাৰ দিনধৰি পৰিয়ালৰ লোকে বিচাৰি ফুৰিছে ৰবিক ।
পুত্ৰ নিখোজ হৈ থকাৰ সন্দৰ্ভত লংকা আৰক্ষী থানাতো এজেহাৰ দাখিল কৰিছে ৰবিৰ পৰিয়ালৰ লোকে । কিন্তু আৰক্ষীৰ ফালৰ পৰাও কোনোধৰণৰ ইতিবাচক সহাৰি নাপালে ৰবিৰ পৰিয়ালে ৷
অৱশেষত শনিবাৰে সংবাদ মাধ্যমৰ কাষ চাপিল পৰিয়ালটোয়ে । পুত্ৰক বিচাৰি সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত উচুপি উঠিল ৰবিৰ মাতৃ । ৰাইজলৈ অনুৰোধ কৰি কোনো লোকে কিশোৰটিৰ সন্ধান পালে 9395690750 নম্বৰত যোগাযোগ কৰি পৰিয়ালৰ লোকক অৱগত কৰা অথবা চমজাই দিবলৈ জনালে কাতৰ অনুৰোধ ৷
লগতে পঢ়ক: Illegal liquor seized: মাজবাটত জব্দ বৃহৎ পৰিমাণৰ অৰুনাচলী সুৰা