হোজাই, 29 জুন: ৰাজ্যজুৰি বলীয়া বানে লৈছে ভয়ংকৰ ৰূপ (Assam flood 2022) ৷ ৰাজ্যৰ কোনো কোনো স্থানত বান পৰিস্থিতি কিছু শাম কাটিছে যদিও অধিক সংখ্যক অঞ্চলত এতিয়াও অপৰিৱৰ্তিত আছে বান পৰিস্থিতি ৷ অন্যান্য প্ৰান্তৰ দৰে এইবাৰৰ বানত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে হোজাই জিলাৰ অধিক সংখ্যক অঞ্চল ৷ জিলাখনৰ বানাক্ৰান্ত অঢ্চলৰ লগতে লোকসকলৰ খবৰ লোৱাৰ উদ্দেশ্যে মঙলবাৰে নিশা হোজাইৰ শংকৰদেৱ নগৰত উপস্থিত হয়গৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত ৷
মন্ত্ৰীগৰাকীয়ে নিশাই জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ বানৰ ফলত হোৱা বিভিন্ন ক্ষয়ক্ষতিৰ সন্দৰ্ভত বিতংভাৱে ললে বুজ (Minister Keshab Mahanta visited flood effected area) ৷ ইয়াৰোপৰি মন্ত্ৰী কেশৱ মহন্তই জিলাখনৰ বিভিন্ন দল সংগঠনৰ লগত এক আলেচনাত মিলিত হয় ৷ তাৰোপৰি জিলাখনৰ তিনিটা ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্নসমূহ বিভাগৰ বিষয়াৰ লগতো এখন বৈঠকত মিলিত হয় ৷
মন্ত্ৰীগৰাকীয়ে বানাক্ৰান্তসকলক এমাহৰ ভিতৰতেই চৰকাৰী সাহাৰ্য প্ৰদান কৰাৰ কথা উল্লেখ কৰি কয় যে, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বানাক্ৰান্তসকলক এমাহৰ ভিতৰতে সাহাৰ্য দিবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, যাতে বানাক্ৰান্ত লোকসকলে পুনৰ ঘৰলৈ ঘুৰি গৈ নিজৰ ঘৰখন পুনৰ মেৰামতি কৰি লব পাৰে ৷
এই সন্দৰ্ভত খৰতকীয়াকৈ কামসমূহ হ'বলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিখন জিলাতে একোগৰাকীকৈ মন্ত্ৰী আৰু বিষয়াক দায়িত্ব প্ৰদান কৰা হৈছে বুলি জানিব দিয়ে মন্ত্ৰী মহন্তই ৷ বানত ক্ষতিগ্ৰস্ত হোৱা জিলাখনৰ লোকসকলৰ এখন তালিকা প্ৰস্তুত কৰি সেই তালিকাৰ ভিত্তিত সকলোকে এমাহৰ ভিতৰত সাহায্য দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷
উল্লেখ্য যে, ৰাজ্যৰ অন্যান্য জিলাসমূহতো বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে নিয়োজিত মন্ত্ৰী তথা বিষয়াসকলে পৰিস্থিতি বুজ লৈ অহাৰ লগতে বান ক্ষতিগ্ৰস্ত সকলক সাহাৰ্য বিতৰণ কৰি অহা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক: Assam flood : বানাক্ৰান্তক উদ্ধাৰৰ বাবে ক্ৰয় কৰা হ'ব ৫০খন অত্যাধুনিক নাও