হোজাই,4 মে': ৰাজ্যত ক্ৰমাৎ অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19 ৰ সংক্ৰমণ ৷ প্ৰতি মুহুৰ্তত বৃদ্ধি হৈ আছে কৰ’ণা আক্ৰান্তৰ সংখ্যা ৷ হোজাইত মহকুমা স্বাস্থ্য বিষয়া তথা হোজাই জিলা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক দেৱজ্যোতি চেতিয়া ফুকন আক্ৰান্ত হৈছে কৰ’ণাত ৷
যোৱা দুদিনৰ পৰা শৰীৰ অসুস্থ হৈ থকাত মঙলবাৰে ক’ভিড পৰীক্ষা কৰাত ভাইৰাছবিধৰ অৱস্থিতি ধৰা পৰে তেওঁৰ দেহত । বৰ্তমান নীলবাগান ক’ভিড কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে দেৱজ্যোতি চেতিয়া ফুকন ৷
লগতে পঢ়ক : ক'ভিডৰ ভয়াৱহ সংক্ৰমণ: জাৰি হ'ব চৰকাৰী নতুন নিৰ্দেশনা