ETV Bharat / state

হোজাইত চিলিণ্ডাৰ বিস্ফোৰণ ঘটি ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Sep 10, 2020, 3:25 PM IST

হোজাই জিলাৰ কাকীত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ৷ জুইত জাহ যায় 70 লাখ টকাৰ সম্পত্তি ৷ দহখন দোকান জুইত ভস্মীভূত ৷

Massive Fire In Hojai District Kaki Market
হোজাইত চিলিণ্ডাৰ বিস্ফোৰণ ঘটি ভয়ংকৰ অগ্নিকাণ্ড

হোজাই, 10 ছেপ্তেম্বৰ: হোজাই জিলাৰ কাকীত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ কাকী আৰক্ষী থানাৰ সমীপৰ এক নং কাকী চাৰিআলিত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । অৰুন বৰাৰ হাৰ্ডওৱেৰ দোকানৰ পৰাই গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ অগ্নিকাণ্ডৰ সুত্ৰপাত হয় বুলি জানিব পৰা গৈছে ।

তথ্য অনুসৰি, পুৱতি নিশা প্ৰায় 2 বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷ প্ৰথমে হাৰ্ডওৱেৰ দোকানত জুইৰ সূত্ৰপাত ঘটি পৰৱৰ্তী সময়ত আন দহখন দোকানলৈ জুই সম্প্ৰসাৰিত হয় ৷ তিনিখন অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

আনহাতে,স্বত্বাধিকাৰী অৰুন বৰাৰ হাৰ্ডওৱেৰ দোকানখনৰ বিৰুদ্ধে পূৰ্বৰ পৰাই অবৈধ পেট্ৰল,ডিজেল মজুত ৰখাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ বুধবাৰৰ নিশাও অবৈধভাবে বিক্ৰীৰ বাবে মজুত ৰখা চিলিণ্ডাৰৰ পৰাই বিস্ফোৰণ ঘটি জুইৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে,অগ্নিকাণ্ডৰ ফলত প্ৰায় 70 লাখ টকাৰ সম্পত্তি জুইত জাহ গৈছে বুলি ভুক্তভোগীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : অনুষ্ঠিত নহ’ল জামুগুৰিহাটৰ ২৬৫ বছৰীয়া বোকাখেচা ভাওনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.