হোজাই,14 নৱেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ তাৰ মাজতে শুকুৰবাৰে হোজাইৰ জুঠাংবস্তি অঞ্চলত প্ৰায় ৮/৯ জনীয়া এটা বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই ক্ষতিসাধন কৰে ৷ হাতীৰ জাকটোৱে খাদ্যৰ সন্ধানত লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা আহি জুঠাংবস্তিৰ ধাননি পথাৰত সোমাই পকা ধানসমূহ তহিলং কৰে ৷ অঞ্চলটোত প্ৰায়ে এইদৰে বনৰীয়া হাতীয়ে উপদ্ৰৱ চলোৱাৰ ফলত মূৰে-কপালে হাত দিব লগা হৈছে দুৰ্ভগীয়া কৃষকসকলে ৷
লগতে চাওকঃ ধেমাজিত দেৱালত পেইণ্টিঙেৰে উদযাপন শিশু দিৱস