হোজাই, 1 আগষ্ট : হোজাইৰ লামডিঙত বিগত 50 বছৰ ধৰি ৰাইজৰ মাজত বাতৰি কাকত যোগান ধৰা খগেন সেন আৰু নাই । দীৰ্ঘদিনৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল হ’কাৰ খগেন সেন ৷ চৰকাৰী তথা পেপাৰ কোম্পানীৰ পৰা কোনো সাহাৰ্য লাভ নকৰাকৈয়ে 76 বছৰ বয়ত শেষ নিশাস ত্যাগ কৰে হ’কাৰজনে ৷
50 বছৰে সেৱা আগবঢ়াই মৃত্যুৰ সময়লৈকে চৰকাৰী সাহাৰ্য লাভ নকৰাত ভাগি পৰে তেওঁৰ সতীৰ্থসকল ৷ মৃত্যু সময়ত পত্নীসহ দুগৰাকী কন্যা সন্তানক এৰি থৈ যায় খগেনে ৷ খগেন সেনৰ পৰিয়ালটোক আৰ্থিকভাৱে সহায় আগবঢ়াবলৈ চৰকাৰ তথা পেপাৰ কোম্পানীসমূহক অনুৰোধ জনাইছে লামডিঙৰ হ’কাৰসকলে ৷
লগতে পঢ়ক : গোৰেশ্বৰৰ গৰাখহনীয়া পৰিদৰ্শন সাংসদ নৱ শৰণীয়াৰ