ETV Bharat / state

হোজাইত চালকক প্ৰহাৰ কৰি গাড়ী লৈ উধাও গাড়ী চুৰি চক্ৰ

হোজাই গাড়ী চুৰি চক্ৰৰ কবলত পৰিল এজন চালক। লংকা-লামডিং সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চালকক প্ৰহাৰ কৰি গাড়ী লৈ উধাও হ'ল যাত্ৰী ৰূপী কুখ্যাত গাড়ীচোৰ। ডিব্ৰুগড়ৰ পৰা নগাঁৱ অভিমুখে আহি আছিল বাহনখন।

হোজাইত চালকক প্ৰহাৰ কৰি গাড়ী লৈ উধাও গাড়ী চুৰি চক্ৰ
হোজাইত চালকক প্ৰহাৰ কৰি গাড়ী লৈ উধাও গাড়ী চুৰি চক্ৰ
author img

By

Published : Nov 2, 2020, 3:37 PM IST

হোজাই, ২ নৱেম্বৰ: ৰাজ্যত পুনৰ গাড়ী চুৰি চক্ৰৰ দপদপনি। প্ৰথেমে গাড়ী ভাড়ালৈ লয় আৰু তাৰ পিছত চালকক মাৰ-পিট কৰি গাড়ী লৈ পলায়ন কৰে গাড়ী চুৰি চক্ৰৰ সদস্যই। হোজাইৰ লংকা-লামডিং সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত লামডিং বনাঞ্চলত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। গাড়ী চুৰি চক্ৰৰ সদস্য দুজনে ডিব্ৰুগড়ৰ পৰা নগাঁৱৰ ঘৰলৈ বয়-বস্তু অনাৰ বাবে এখন বলেৰ' পিক আপ বাহন ভাড়ালৈ লৈছিল।

বাহনখনৰ চালকজন আছিল ডিব্ৰুগড়ৰ ৰাহুল। নগাঁও বাইপাছ পোৱাত লংকাতো ঘৰৰ আন কিছুমান বস্তু আছে বুলি কৈ দুই দুৰ্বৃত্তই চালকজনক লংকাৰ দিশে লৈ যায়। পিছত বলেৰ' পিক আপ ভানৰ চালক জনৰ পথ চিনি নোপোৱাৰ সুযোগ লৈ লংকা পোৱাৰ পিছত দুৰ্বৃত্তৰ দলটোৱে আৰু লগৰ কেইজনমানক গাড়ীত উঠাই লয়। নিশা লংকা-লামডিং সংযোগী পথেৰে বনাঞ্চলৰ দিশে লৈ যায়।

বনাঞ্চলত চালকজনক প্ৰথমে চকুত আৰু পিছত ডিঙিত পিছফালৰ পৰা চেপি ধৰি উপৰ্যুপৰি প্ৰহাৰ কৰে আৰু সংজ্ঞাহীন অৱস্থাত গাড়ীৰ পৰা নমাই লামডিং বনাঞ্চলত পেলাই থৈ গাড়ী লৈ উধাও হয়। গাড়ী চালকজনৰ আজি পুৱা চেতনা অহাত, খোজকাঢ়ি লংকাত উপস্থিত হৈ লংকা মালবাহী বাহন সন্থাৰ সহায় লৈ লংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা কৰায়। সম্প্ৰতি চালকজনক উন্নত চিকিৎসাৰ বাবে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়ক:কাকলি বুজৰবৰুৱাৰ বাসগৃহত অসম আৰক্ষীৰ তালাচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.