ETV Bharat / state

ক'ভিড ৰোগীলৈ অসমীয়া সুস্বাদু পিঠা-পনা

লামডিং ক'ভিড কেয়াৰ চেন্টাৰত ৰোগীক পিঠাৰ যোগান ৷ বিভিন্ন ধৰণৰ পিঠা আৰু সুস্বাদু খাদ্যৰ যোগান ধৰি আহিছে কেন্দ্ৰটোত ৷ খাদ্য যোগানৰ দায়িত্বত থকা মিষ্ঠু পাল নামৰ লোকজনৰ চেষ্টাত এই খাদ্য যোগান কেন্দ্ৰটোত ৷

author img

By

Published : Sep 29, 2020, 2:32 PM IST

Lumding Covid Hospital News, Patent Provied Organic Food
লামডিং ক'ভিড কেয়াৰ কেন্দ্ৰত ৰোগীক যোগান ধৰা হৈছে অসমীয়া সুস্বাদু পিঠা-পনা

হোজাই, 29 ছেপ্তেম্বৰ : লামডিং ৰে'লৱে চিকিৎসালয়ত থকা ক'ভিড কেয়াৰ কেন্দ্ৰত উচ্চ মানৰ খাদ্য যোগানৰ বাবে প্ৰশংসিত হৈছে খাদ্য যোগানৰ দায়িত্বত থকা এটা প্ৰতিষ্ঠান । প্ৰতিষ্ঠানটো হৈছে লামডিং ফুড পাৰ্টনাৰ ক্ৰিষ্টেল ৰেষ্টুৰেন্ট । এই প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী মিষ্ঠু পালে ৰোগী সকলক দুপৰীয়া আৰু নৈশ আহাৰত পুষ্টিকৰ খাদ্য যোগান ধৰাৰ লগতে সন্ধিয়া নতুন নতুন জুতি যোগান ধৰি এক নিদৰ্শন দাঙি ধৰি আহিছে ৷ মিষ্ঠু পালে প্ৰতিদিনে বুট মগুৰ প্ৰসাদ, চাউমিন, এগৰ'ল, বিভিন্ন ধৰনৰ ফলমূল, কৰ্ণফ্লেকচকে ধৰি উন্নত মানৰ খাদ্য যোগান ধৰি আহিছে ৷

তেওঁ কয় যে, অসমৰ যুৱক হৈ আমি অসমৰ থলুৱা খাদ্য সমূহ অসমত প্ৰচাৰ কৰাৰ খুবেই প্ৰয়োজন হৈ পৰিছে সেয়েহে ৰোগী সকলক অসমীয়া পিঠা-পনা যোগান ধৰিছো ৷ ইপিনে, লামডিং ৰে'লৱে চিকিৎসালয়ৰ ক'ভিড কেয়াৰ কেন্দ্ৰত ৰোগীৰ বাবে অসমীয়া পিঠা পনা যোগান ধৰিবলৈ ক'ভিড কেয়াৰ কেন্দ্ৰটোৰ খাদ্য যোগানৰ দায়িত্বত থকা মিষ্ঠু পালে বটদ্ৰৱাৰ সৰুহিচাৰ তৰুনী বৰুৱা কলিতা আৰু ববিতা কলিতা নামৰ দুগৰাকী মহিলাৰ লগত যোগাযোগ কৰি ৰোগীক পিঠা পনা আদি প্ৰস্তুত কৰাৰ দায়িত্ব অৰ্পন কৰিছে ৷

লগতে পঢ়ক : লামডিঙত উপবন উন্মোচন বন মন্ত্রী পৰিমল শুক্লবৈদ্যৰ

মিষ্ঠু পালৰ জড়িয়তে দুয়োগৰাকী মহিলাই লক ডাউনৰ সময়ছোৱাত তিলৰ পিঠা, কেটলী পিঠা আদি বিভিন্ন থলুৱা খাদ্য সামগ্ৰী প্ৰস্তুত কৰি লামডিঙৰ ক'ভিড কেয়াৰ কেন্দ্ৰটোলৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে, বটদ্ৰৱাৰ এই মহিলা দুগৰাকীয়ে পূৰ্বৰে পৰা অসমীয়া চহকী খাদ্য সম্ভাৰ প্ৰস্তুত কৰি ব্যৱসায় আৰম্ভ কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে অসমীয়া সুস্বাদু লাডু পিঠাৰ জনপ্ৰিয়তা বৃদ্ধি কৰিছে ।

লগতে পঢ়ক : বঙাইগাঁও জিলাৰ ডুমেৰগুৰীত আই নদীত নিৰুদ্দেশ কৃষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.