হোজাই,7 জুন : দেওবাৰে এক প্ৰেছ বিবৃতিৰ যোগে হোজাই জিলাৰ কাকীত হোৱা উচ্ছেদৰ সম্পৰ্কে মত প্ৰকাশ কৰিছে ৷ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা(ALL Assam Rural Labour Association)ৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে শুভ্ৰজ্যোতি বৰ্ধন আৰু অৰূপ কুমাৰ মহন্তই এক প্ৰেছ বিবৃতিৰ যোগে হোজাই জিলাৰ কাকী তাৰালাংছুৰ তিনিহাজাৰ বিঘা বুলি পৰিচিত অঞ্চলটোত অৰ্ধ শতাধিক বছৰ ধৰি বসবাস কৰি থকা ৭৪ টাকৈ পৰিয়ালক উচ্ছেদ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। এইয়া হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ এক ফেচিষ্ট ৰূপ বুলি মন্তব্য কৰে ৷
লগতে পঢ়ক: অসমত আলংকাৰিক মাছৰ যথেষ্ট সম্ভাৱনীয়তা আছে: মুনীন দত্ত