ETV Bharat / state

শ্বহীদ আৰক্ষী জোৱানলৈ শ্ৰদ্ধাঞ্জলি লংকা সাংবাদিক সংস্থাৰ

author img

By

Published : Jul 28, 2021, 2:19 PM IST

অসম-মিজোৰাম সীমান্তত শ্বহীদ হোৱা আৰক্ষী জোৱানলৈ শ্ৰদ্ধাঞ্জলি । লংকা সাংবাদিক সংস্থাৰ আৰু লেখিকা সংস্থাৰ উদ্যোগত লংকাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন । অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল আৰক্ষীয়ে জোৱানকেইজনে ।

Lanka journalist association pays tribute to martyrs
শ্বহীদ আৰক্ষী জোৱানলৈ শ্ৰদ্ধাঞ্জলি লংকা সাংবাদিক সংস্থাৰ

হোজাই, ২৮ জুলাই: মঙলবাৰে লংকা সাংবাদিক সন্থা আৰু লেখিকা সন্থাৰ উদ্যোগত লংকাত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানতে অসম-মিজোৰাম সীমান্তত শ্বহীদ হোৱা ৬ গৰাকী আৰক্ষী জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় । উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে লংকা লেখিকা সমাজৰ কৰ্মকৰ্তাৰ লগতে লংকা আৰক্ষী ক্ষেত্ৰ পৰিদৰ্শক আৰু লংকাৰ বহু কেইগৰাকী স্থানীয় লোক । উল্লেখ্য যে, অসম-মিজোৰাম সীমান্তৰ ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ৰাজ্যৰ সীমান্তত অব্যাহত আছে অশান্ত পৰিস্থিতি ৷

দুয়োখন ৰাজ্যৰ মাজত বিবাদ অব্যাহত থকাৰ সময়তে সোমবাৰে সীমান্তত মিজো আৰক্ষীয়ে অসম আৰক্ষীৰ ওপৰত হঠাতে গুলীচালনা কৰে । এই সংঘৰ্ষত ৫ জনকৈ অসম আৰক্ষীৰ জোৱান শ্বহীদ হয় ৷ আনহাতে, শ্যাম সুন্দৰ দুসাত নামৰ এজন জোৱান সংকটজনক অৱস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মঙলবাৰে নিশা তেওঁৰ মৃত্যু হয় ।

এই ঘটনাত কাছাৰৰ আৰক্ষী অধীক্ষক নিম্বলকাৰ বৈভৱ চন্দ্ৰকান্তও গুলীবিদ্ধ হয় । বৰ্তমান মুম্বাইত তেওঁৰ চিকিৎসা চলি আছে । ইফালে, মিজো আৰক্ষীৰ এই বৰ্বৰতাক সকলোৱে গৰিহণা দিছে ।

মিজোৰামৰ আগ্ৰাসনে অশনি সংকেত মাতি আনিছে অসমলৈ । বিশেষকৈ অসম-মিজোৰাম সীমান্তৱৰ্তী অঞ্চলৰ লোকসকললৈ । কিয়নো, অসম আৰক্ষীৰ ওপৰতো আক্ৰমণ কৰিবলৈও কুণ্ঠাবোধ কৰা নাই মিজো আৰক্ষীয়ে । তেনেস্থলত সাধাৰণ লোকৰ নিৰাপত্তাৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে আৰু অসমৰ ৰাইজে এতিয়া এই সীমা বিবাদৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰক দাবী জনাইছে ।

লগতে পঢ়ক:অসম-মিজোৰাম সীমান্ত সংঘাত: দিল্লীত গৃহ মন্ত্ৰণালয়ৰ বিশেষ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.