হোজাই,13 মে’: মঙলবাৰে নতুন দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখে যাত্ৰা কৰা দিল্লী-ডিব্ৰুগড় বিশেষ ৰাজধানী এক্সপ্ৰেছ ৰে’লখনে বৃহস্পতিবাৰে অসমত প্ৰৱেশ কৰিব ৷ ৰাজ্যৰ ছয় পৃথক স্থান ক্ৰমে-কোকৰাঝাৰ, গুৱাহাটী, ডিব্ৰুগড়, ডিমাপুৰ, মৰিয়নীৰ লগতে লামডিঙত ৰে’লখনৰ ষ্টপেজ নিৰ্ধাৰণ কৰা হৈছে ৷ বৃহস্পতিবাৰে সন্ধিয়া লামডিং ষ্টেচনত উপস্থিত হ’বলগীয়া বিশেষ ৰে’লখনক উদ্দেশ্যি সম্পূৰ্ণ সাজু হৈ উঠিছে ষ্টেচন কৰ্তৃপক্ষৰ লগতে হোজাই জিলা প্ৰশাসন ৷ ইতিপূৰ্বে জিলা প্ৰশাসনৰ লগতে ৰে’ল বিভাগৰ সকলো বিষয়ববীয়াই তৎপৰতাৰে নিৰীক্ষণ কৰে ষ্টেচনটো ৷ উপস্থিত হ’বলগীয়া লোকসকল লামডিং ষ্টেচনত নমাৰ পিছত হোজাই জিলা প্ৰশাসনৰ বাছেৰে কোৱাৰেণ্টাইন শিবিৰলৈ লৈ যোৱা হ'ব ৷
লগতে চাওকঃ দিল্লীৰ পৰা আহি থকা বিশেষ ৰে'লক লৈ তৎপৰতা কোকৰাঝাৰত