ETV Bharat / state

প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি

author img

By

Published : Jan 2, 2020, 11:55 PM IST

বৃহস্পতিবাৰে হোজাইস্থিত সাহিত্যৰথী বেজবৰুৱা ভৱনত অসম সাহিত্য সভাৰ 2018-20 বৰ্ষৰ সপ্তম কাৰ্যনিৰ্বাহক অধিবেশন অনুষ্ঠিত কৰা হয় ৷ এই অধিবেশনত সভাপতি, উপ সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে ভোটগনণা হৈ যায় ৷

kuladhar saikia
অসম সাহিত্য সভা

হোজাই, 2 জানুৱাৰীঃ বৃহস্পতিবাৰে অসম সাহিত্য সভাৰ 2018-20 বৰ্ষৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিবেশন অনুষ্ঠিত হয় ৷ হোজাইস্থিত সাহিত্য সভাৰ স্থায়ী সাহিত্যৰথী বেজবৰুৱা ভৱনত অসম সাহিত্য সভাৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিবাহক অধিবেশন অনুষ্ঠিত কৰা হয় ৷ এই কাৰ্যনিৰ্বাহক সভাৰ পিচত সভাপতি, উপ সভাপতি আৰু প্ৰধান সম্পাদক পদৰ ভোট গণনা অনুষ্ঠিত হয় ৷

সভাপতি পদৰ বাবে 7 গৰাকী লোকে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷ উপ- সভাপতি পদৰ বাবে 4 গৰাকী প্ৰাৰ্থী আৰু প্ৰধান সম্পাদক পদৰ বাবে 3 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷ সভাপতি পদৰ বাবে কুলধৰ শইকীয়া, সূৰ্য হাজৰিকা, প্ৰহ্লাদ চন্দ্ৰ তাছা, ডঃ বসন্ত কুমাৰ গোস্বামী, ডঃ কৰবী ডেকা হাজৰিকা, ডঃ জয়শ্ৰী গোস্বামী মহন্ত আৰু পখিলা কলিতাই প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷ ইপিনে উপ সভাপতি পদৰ বাবে পদুমী গগৈ, মৃণালীনী দেৱী, ডঃ বসন্ত কুমাৰ শৰ্মা আৰু ৰাতি মোহন নাথে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷ আনহাতে প্ৰধান সম্পাদক পদৰ বাবে দেৱজিৎ বৰা, যাদৱ চন্দ্ৰ শৰ্মা আৰু হৰেন্দ্ৰ কলিতাই প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷

কুলধৰ শইকীয়া সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি

উল্লেখ্য যে, সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়োৱা কুলধৰ শইকীয়াই 269 টা ভোট, সূৰ্য হাজৰিকাই 74 টা ভোট, প্ৰহ্লাদ চন্দ্ৰ তাছাই 88 টা ভোট, ডঃ বসন্ত কুমাৰ গোস্বামীয়ে 46 টা ভোট, ডঃ কৰবী ডেকা হাজৰিকাই 75 টা ভোট, ডঃ জয়শ্ৰী গোস্বামী মহন্তই 67 টা ভোট আৰু পখিলা কলিতাই শূন্য ভোট লাভ কৰে ৷ ভোট গণনাৰ অন্তত সভাপতি আসনৰ বাবে কুলধৰ শইকীয়াই জয় লাভ কৰে ৷ ইয়াৰ পূৰ্বে সভাপতি পদত আছিল পৰমানন্দ ৰাজবংশী ৷ একেদৰে উপ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়োৱ পদুমী গগৈয়ে 96 টা ভোট, মৃণালীনী দেৱীয়ে 308 টা ভোট, ডঃ বসন্ত কুমাৰ শৰ্মাই 152 টা ভোট আৰু ৰাতি মোহন নাথে 63 টা ভোট লাভ কৰে আৰু অৱশেষত মৃণালীনী দেৱীয়ে পুনৰ উপ সভাপতি পদত জয়লাভ কৰে ৷ আনহাতে প্ৰধান সম্পাদক পদৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়োৱা দেৱজিৎ বৰাই 255 টা ভোট, হৰেন্দ্ৰ কলিতাই 36 টা ভোট আৰু যাদৱ চন্দ্ৰ শৰ্মাই 323 টা ভোট লাভ কৰি জয়ী হয় ৷ এই নিৰ্বাচনৰ বাবে মুঠ 634 খন বেলট আছিল আৰু পাঁচখন বেলট উকা অহাত 614 খন বেলট গণনা কৰা হোৱাৰ বিপৰীতে 15 খন নাকচ বেলট আছিল ৷

লগতে পঢ়ক - লখিমপুৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

Intro:প্ৰথম ৰাউণ্ড......মুঠ 634 ভোটৰ 204 টা ভোট গণনাৰ পিছৰ ফলাফল Body:প্ৰথম ৰাউণ্ড......মুঠ 634 ভোটৰ 204 টা ভোট গণনাৰ পিছৰ ফলাফল

সভাপতি আসনত 7 জন প্ৰাৰ্থী

1/কুলাধৰ শইকীয়া :100
2/সূৰ্য হাজৰিকা :18
3/প্ৰহ্লাদ চন্দ্ৰ তাছা : 27
4/ডঃ বসন্ত কুমাৰ গোস্বামী :15
5/ডঃ কাৰবি ডেকা হাজৰিকা : 28
6/ডঃজয়শ্ৰী গোস্বামী মহন্ত :16
7/পখিলা কলিতা :

উপ সভাপতি 4জন প্ৰাৰ্থী

1/পদুমী গগৈ :22
2/মৃণালীনী দেৱী। :106
3/ডঃ বসন্ত কুমাৰ শৰ্মা :59
4/ৰাতি মোহন নাথ :20

প্ৰধান সম্পাদক 3 জন প্ৰাৰ্থী

1/দেৱজিত বৰা :89
2/যাদৱ শৰ্মা :109
3/হৰেন্দ্ৰ কলিতা :11

Conclusion:হোজাই পৰা মানস প্ৰতীম তামুলী ফুকন ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.