ETV Bharat / state

হোজাইত বান পীড়িতৰ কাষত মন্ত্ৰী কেশৱ মহন্ত

author img

By

Published : May 18, 2022, 10:11 PM IST

বুধবাৰে পুৱাই হোজাই জিলাৰ বান পীড়িত লোকসকলৰ কাষত উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta visited flood effected area in Hojai) ৷ কোনো বান পীড়িত লোকে যাতে খাদ্যৰ লগতে পৰ্যাপ্ত খোৱা পানীৰ পৰা বঞ্চিত হ’ব নোৱাৰে, তাৰ বাবে জিলা উপাযুক্তত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মন্ত্ৰীগৰাকীয়ে ৷

Keshab Mahanta visited floods affected area in Hojai
বান পীড়িত লোকসকলৰ কাষত উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত

হোজাই, 18 মে’ : ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে বান পৰিস্থিতি (Flood situation become critical in Assam)৷ বছৰৰ প্ৰথমটো বানত ডুব গৈছে হোজাইৰ ভিন্ন অঞ্চল (Flood situation in Hojai) ৷ হোজাই জিলাৰ বান পৰিস্থিতি বুজ ল’বলৈ মঙলবাৰে নিশাৰে পৰা হোজাই জিলাৰ অৱর্ত ভবনত বাহৰ পাতিছেহি মন্ত্ৰী কেশৱ মহন্তই ৷ বুধবাৰে পুৱাই হোজাই জিলাৰ তিনিটা ৰাজহ চক্ৰ ক্ৰমে হোজাই, ডবকা আৰু লংকা ৰাজহ চক্ৰৰ বান বিধস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে (Keshab Mahanta visited in Hojai) ।

বুধবাৰে পুৱাই হোজাইৰ ৰাধানগৰৰ দয়াময়ী উচ্চ ইংৰাজী বিদ্যালয়, চাওতাল বস্তি কমলা সৰেণ প্ৰাথমিক বিদ্যালয়, উত্তৰ ৰাধানগৰ 1 নং প্ৰাথমিক বিদ্যালয়ত প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷ কেৱল আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰাই নহয়, মন্ত্ৰীগৰাকীয়ে বান পীড়িতসকলৰো পৰিস্থিতি বুজ লয় ৷

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে বান পৰিস্থিতি

আশ্ৰয় শিবিৰ বা অন্য স্থানত আশ্ৰয় ল'ব লগা হোৱা লোকসকলে যাতে কোনো কাৰণতে পৰ্যাপ্ত খাদ্য তথা আন অত্যাৱশ্যকীয় সামগ্ৰী আৰু খোৱাপানীৰ সমস্যাত ভুগিব নালাগে, তাৰ বাবে মন্ত্ৰীগৰাকীয়ে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে উপায়ুক্তগৰাকীক ৷

উল্লেখ্য যে, বুধবাৰে মন্ত্ৰী কেশৱ মহন্তক সংগ দিয়ে হোজাই আৰু লামডিঙৰ বিধায়কদ্বয় ৰামকৃষ্ণ ঘোষ আৰু শিবু মিশ্ৰ, হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰী আৰু আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই ৷

লগতে পঢ়ক : Dima Hasao Tragedy: পৰিস্থিতি বুজ ল’বলৈ ডিমা হাছাওত যোগেন মহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.