হোজাই,১০ মে' : এখন লোহা ভৰ্তি ট্ৰাকক লৈ আৰক্ষী পৰিছে দোমোজাত । যোৱা ৫ মে'ত দুৰ্ঘটনাত পতিত হৈছিল এই ট্ৰাকখন । এইখিনিতে আৰক্ষী বিবুদ্ধিত পৰিছে, নাগালেণ্ডলৈ যাব লগা ট্ৰাকখন কিহৰ বাবে নগাঁৱৰ দিশে গৈ পাঞ্চালীত দুৰ্ঘটনাত পতিত হ’ল !
দলঙৰ কামত ব্যৱহৃত হ’ব লগা লোহা কঢ়িয়াই নিয়া ট্ৰাকখনে যাব লগা পথৰ বিপৰীত দিশত গৈ ১ নং পাঞ্চালীত এটা বৈদ্যুতিক খুটাত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হয় । দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জব্দ কৰে ট্ৰাকখন (Lanka police seized truck)।
ইমানলৈ সকলো ঠিকে আছিল । দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন জব্দ কৰাৰ পাছতহে আৰক্ষীৰ তদন্তত লাগে আউল । কিয়নো ট্ৰাকখন মিজোৰামৰ পৰা ডিমাপুৰলৈ নগৈ বিপৰীত দিশেৰে গৈ লংকাৰ পাঞ্চালী পালে কেনেকৈ ট্ৰাকখন ?
স্বাভাবিকতেই প্ৰশ্ন হয়, লোহাখিনি চুৰি কৰাৰ পৰিকল্পনা আছিল নেকি ? এই লৈ আৰক্ষীয়ে ট্ৰাক চালক বিকি দৈমাৰীক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে । অৱশ্যে লোহাখিনিৰ চালান দেখুৱাবলৈ সক্ষম হৈছে চালকজনে । জানিব পৰা মতে, লোহাখিনি ভাৰতীয়া ইনফা প্ৰজেক্ট লিমিটেড নামৰ এটা কোম্পানীৰ পৰা কঢ়িয়াই আনিছিল ।
ইতিমধ্যে আৰক্ষীয়ে কোম্পানীটোক সবিশেষ অৱগত কৰাৰ লগতে নিজাববীয়াকৈ এটা গোচৰো ৰুজু কৰিছে । জানিব পৰা মতে আটকাধীন চালক বিকিৰ ঘৰ ডকমকাত । যোৱা ৫ তাৰিখেই জব্দ হোৱা ট্ৰাকখনৰ ৰহস্য আৰক্ষীয়ে ফাদিল কৰিব নোৱাৰাত এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়াও সৃষ্টি হৈছে । অৱশ্যে কোম্পানীটোৰ বিষয়াসকল আহি থানাত উপস্থিত হ'লেহে সকলো ৰহস্যৰ পোহৰলৈ আহিব বুলি আশা কৰা হৈছে ।
লগতে পঢ়ক :11 মে’ৰ পৰা বন্ধ হ’ব লখিমপুৰ গুৱাহাটীৰ মাজত চলা ফ্লাইবিগৰ যাত্ৰীবাহী বিমান সেৱা