ETV Bharat / state

লংকাত বন বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ অবৈধ কাঠ জব্দ

হোজাই জিলাৰ লংকাত অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান অব্যাহত । সোমবাৰে নিশা বন বিভাগে জিলাখনৰ নখুঁটি অঞ্চলত অভিযান চলাই বহু পৰিমাণৰ অবৈধ কাঠ জব্দ কৰে । জব্দকৃত কাঠখিনি বজাৰ মূল্য প্ৰায় দুই লক্ষাধিক টকা ।

Illegal timer seized in Hojai
লংকাত বন বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ অবৈধ কাঠ জব্দ
author img

By

Published : Sep 28, 2021, 8:34 PM IST

হোজাই, ২৮ ছেপ্টেম্বৰ : হোজাই জিলাত বন বিভাগে সময়ে সময়ে অভিযান অব্যাহত ৰাখিছে যদিও একাংশ অসাধু লোকে অবৈধভাৱে কাঠৰ বেহা চলাই আছে । লংকাত সোমবাৰে নিশা পুনৰ জব্দ হ'ল চোৰাং কাঠ । লংকা আঞ্চলিক বন বিষয়া নিৰুদ কুমাৰ সুতৰ নেতৃত্ব বনকৰ্মীৰ এটা দলে এক গোপন সূত্ৰৰ পম খেদি সোমবাৰে নিশা নখুঁটি অঞ্চলত অভিযান চলায় । নখুঁটি অঞ্চলৰ ইব্ৰাহিম আলী নামৰ লোকজনৰ বাসগৃহৰ পৰা বন বিভাগে বহু পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে ।

Illegal timer seized in Hojai
লংকাত বন বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ অবৈধ কাঠ জব্দ

বন বিভাগে কাঠখিনি জব্দ কৰে যদিও ইব্ৰাহীম আলীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই । জব্দকৃত কাঠখিনি বজাৰ মূল্য প্ৰায় দুই লক্ষাধিক টকা বুলি জানিবলৈ দিছে লংকা আঞ্চলিক বন বিষয়া নিৰুদ কুমাৰ সুতে । জানিব পৰা মতে, লামডিং বনাঞ্চলৰ পৰা চোৰাংভাৱে ইব্ৰাহিম আলী নামৰ লোকজনে মূল্যৱান কাঠখিনি কাটি আনি বিক্ৰীৰ বাবে নিজৰ ঘৰতে মজুত কৰি ৰাখিছিল । কিন্তু বন বিভাগে এই বিষয়ে অৱগত হোৱাৰ পাচতে কাঠখিনি জব্দ কৰে ।

সম্প্ৰতি ইব্ৰাহিম আলী পলাতক হৈ আছে । আনহাতে, জব্দকৃত কাঠখিনি বৰ্তমান লংকা বনাঞ্চলিক বিষয়াৰ কাযালয়ত ৰাখি বন বিভাগে তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে, ইয়াৰ পূৰ্বেও লংকাত বন বিভাগে চোৰাং কাঠ, অবৈধ কাঠ ফলা মিল জব্দ কৰি আহিছে ।

লগতে পঢ়ক : ধেমাজিত কেবিনেট বৈঠকক লৈ তুংগত উঠিছে আৰক্ষী-প্ৰশাসনৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.