ETV Bharat / state

হোজাইত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ

author img

By

Published : Apr 28, 2020, 7:25 PM IST

হোজাইত শোৱনি কোঠাতে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ ৷ পৰিয়ালৰ লোকে আৰক্ষীক প্ৰথমাৱস্থাত খবৰ নিদিয়াক লৈ সৃষ্টি হৈছে ৰহস্যৰ ৷

hojai-women-commits-sucide
হোজাইত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ

হোজাই, 28 এপ্ৰিল : হোজাইৰ ডংকি বস্তিত সোমবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । নিজৰ ঘৰৰ শোৱনি কোঠাতে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ ৷ ৰমজানৰ ইফটাৰৰ চেহেৰী বনাবলৈ পুৱতি নিশা জগাবলৈ যাওতেই পৰিয়ালৰ লোকে চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে মহিলা গৰাকীৰ মৃতদেহ । মৃত মহিলাগৰাকীৰ নাম ৰাবিয়া খাতুন বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী সময়ত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত হোজাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত ৷

অন্যহাতে পৰিয়ালৰ লোকে আৰক্ষীক প্ৰথমাৱস্থাত খবৰ নিদিয়াক লৈয়ো সৃষ্টি হৈছে ৰহস্যৰ ৷ এতিয়া এই ঘটনাৰ প্ৰকৃত ৰহস্য আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক : ৰেপিড এন্টিবডি টেষ্টৰ সঁজুলি ক্ৰয়: কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ স্পষ্টীকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.