হোজাই,10 জুলাই : হোজাই জিলাৰ অন্তৰ্গত কোৱাৰেণ্টাইন কেন্দ্ৰৰ চৌহদত চিপ লৈ আত্মহত্যা এজনৰ । ডবকাৰ মৰ্কজুল উলুম মাদ্ৰাছাৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ চৌহদৰ এজোপা গছত চিপ লৈ আত্মহত্যা কৰে লোকজনে কৰে ৷
উল্লেখ্য যে,আত্মহত্যা কৰা লোকজন কোৱাৰেণ্টাইন কেন্দ্ৰটোৰ আৱাসী নহয়। জানিব পৰা মতে,মৃত লোকজনৰ নাম ৰহিম উদ্দিন। ৰহিম উদ্দিনৰ ঘৰ হোজাই জিলা ডবকা চহৰৰ ১০নং ৱাৰ্ডত ৷ ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত হৈ মৃতদেহটো গছৰ পৰা নমাই মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । লোকজনে কি কাৰণত এনেদৰে আত্মহননৰ পথ বাচি ল'ব লগীয়া হ’ল,সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই ৷ তদুপৰি এটা কোৱাৰেণ্টাইন কেন্দ্ৰৰ চৌহদৰ ভিতৰত লোকজনে আত্মহনন কৰাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ ডবকা আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব সবিশেষ তথ্য ৷
লগতে পঢ়ক : কলগাছিয়াত ভয়ংকৰ অগ্নিকাণ্ড