ETV Bharat / state

হোজাই লাভ-জেহাদ কাণ্ড: আৰক্ষী অধীক্ষকৰ সংবাদমেল

48 ঘন্টাৰ ভিতৰত হোজাই আৰক্ষীয়ে আটক কৰিলে হিন্দু যুৱতীক ভুৱা পৰিচয় দি প্ৰেমৰ জালত পেলাই পলুৱাই নিয়া অভিযুক্ত ফইজুল হকক ৷ ঘটনা সন্দৰ্ভত হোজাই আৰক্ষীৰ সংবাদমেল ৷

author img

By

Published : Nov 19, 2019, 11:34 PM IST

হোজাই লাভ-জেহাদ কাণ্ড: আৰক্ষী অধীক্ষকৰ সংবাদমেল

হোজাই, 19 নৱেম্বৰ: অৱশেষত 48 ঘন্টাৰ ভিতৰত হোজাই আৰক্ষীয়ে আটক কৰিলে চহৰখনৰৰ যোগীজান অঞ্চলৰ এগৰাকী হিন্দু যুৱতীক ভুৱা পৰিচয়েৰে প্ৰেমৰ জালত পেলাই পলুৱাই নিয়া আহমেদ নগৰৰ ফইজুল হক নামৰ এজন মুছলমান যুৱকক ৷ এক সংবাদমেল যোগে এই কথা সদৰী কৰিলে হোজাইৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে ৷ উল্লেখযোগ্য যে, যুৱতীগৰাকীক পলুৱাই গুপুত স্থানলৈ লৈ যোৱাৰ পাছতে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰৰ দাবীত হোজাইত বিভিন্ন দল সংগঠনতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ যাৰ পৰৱৰ্তী সময়ত আৰক্ষী-প্ৰশাসনে 48 ঘন্টাৰ সময়সীমাৰ ভিতৰত যুৱকজনক গ্ৰেপ্তাৰ কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ প্ৰতিশ্ৰুতি অনুসৰিয়ে 48 ঘণ্টাৰ ভিতৰতেই বিশেষ সূত্ৰৰ পম খেদি মৰিগাঁওৰ আৰক্ষী অধীক্ষকৰ সহযোগত মায়ঙৰ পৰা উদ্ধাৰ কৰা হল কিশোৰী গৰাকীক ।

ইফালে সাংবাদমেল যোগে আৰক্ষী অধীক্ষক অংকুৰ জৈনে সদৰী কৰে যে, ঘটনা সংক্ৰান্তত মূল অভিযুক্ত ফইজুল হককে ধৰি আন 11 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ পূৰ্বতে তাৰে 5 জনক আৰক্ষীয়ে ইতিমধ্যে জেল হাজেতলৈ প্ৰেৰণ কৰিছে আৰু মূল অভিযুক্তক গ্ৰেপ্তাৰৰ পাছত অভিযুক্তসহ মুঠ সাতজন লোকক আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

আৰু পঢ়ক: পুনৰ চৰ্চাত লাভ জেহাদ !

Intro:হোজাইত আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ সংবাদমেল।1Body:হোজাইত আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ সংবাদমেল।14 নৱেম্বৰত হোজাইৰ যোগীজান অঞ্চলৰ এগৰাকী হিন্দু যুৱতীক হোজাই আহমেদ নগৰৰ ফইজুল হক নামৰ এজন মুছলমান যুৱকে ৰঞ্জিত দাস বুলি ভুৱা পৰিচয় দি প্ৰেমৰ জালত পেলাই পলুৱাই লৈ যায়। পৰৱৰ্তী সময়ত বিভিন্ন দল সংগঠনে যুৱতী গৰাকীক উদ্ধাৰ আৰু দোষীক কাৰায়ত্ব কৰি উচিত শাস্তিৰ দাবীত উত্তপ্ত কৰে হোজাই।48 ঘণ্টাৰ ভিতৰত উদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা।48 ঘণ্টাৰ ভিতৰতেই বিশেষ সূত্ৰৰ পম খেদি মৰিগাঁওৰ আৰক্ষী অধীক্ষকৰ সহযোগত মৰিগাঁওৰ মায়ঙৰ পৰা উদ্ধাৰ কৰা হল কিশোৰী গৰাকীক।আটক কৰা হল মূল অভিযুক্ত ফইজুল হককে ধৰি আন 11 জন লোকক।পূৰ্বতে ঘটনাৰ লগত জড়িত 5 জনক জেল হাজোতলৈ প্ৰেৰণ কৰিছে বৰ্তমান অভিযুক্তৰ সৈতে মুঠ 7 জনক জেল হাজোতলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে বুলি সংবাদমেল পাতি সদৰী কৰে হোজাইৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে।

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.