লংকা, 11 জানুৱাৰীঃ হোজাই জিলাৰ লংকাৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় বাইক আৰোহী ভূষণ দে ৷
উল্লেখ্য যে, ঘন কুঁৱলীৰ বাবে নিশা বিপৰীত দিশৰ পৰা অহা কোনো দ্ৰুতবেগী বাহনৰ খুন্দাত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহৰ লগতে দুৰ্ঘটনাগ্ৰস্ত বাইকখন লংকা আৰক্ষী চকীলৈ লৈ যায় ৷
লগতে পঢ়কঃ উত্তৰ প্ৰদেশৰ বাছ দুৰ্ঘটনাত নিহতলৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সাহায্য ঘোষণা