ETV Bharat / state

হোজাইত দুৰ্ঘটনাত পতিত মালবাহী ট্ৰাক

হোজাইত মালবাহী ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত । বিপৰীত দিশৰ পৰা অহা ২খন দ্ৰুতবেগী ট্ৰাকৰ মাজত সংঘৰ্ষ । দুৰ্ঘটনাত দুয়োখন ট্ৰাকৰ চালকদ্বয় আহত ।

হোজাইত দুৰ্ঘটনাত পতিত মালবাহী ট্ৰাক
হোজাইত দুৰ্ঘটনাত পতিত মালবাহী ট্ৰাক
author img

By

Published : Sep 30, 2020, 12:41 PM IST

হোজাই, ৩০ছেপ্টেম্বৰ : হোজাইৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন মালবাহী ট্ৰাকৰ মাজত সংঘৰ্ষ । মঙলবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো । গতিবেগ হোৱাৰ বাবে দুৰ্ঘটনাত পতিত হয় বিপৰীত দিশৰ পৰা অহা ট্ৰাক দুখন । দুৰ্ঘটনাত আহত হয় দুয়োখন ট্ৰাকৰ চালকদ্বয় । স্থানীয় ৰাইজে চালক দুজনক উদ্ধাৰ কৰি লংকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ প্ৰেৰণ কৰে । ভয়াৱহ দুৰ্ঘটনাত ট্ৰাক দুখনৰ সমুখৰ ভাগ এখন আনখন ট্ৰাকৰ সমুখৰ অংশত সোমাই পৰে ।

হোজাইত দুৰ্ঘটনাত পতিত মালবাহী ট্ৰাক
হোজাইত দুৰ্ঘটনাত পতিত মালবাহী ট্ৰাক

বহু সময় চেষ্টা কৰাৰ পিছতহে স্থানীয় ৰাইজে আহত চালক দুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে খবৰ দিয়াৰ পিছতো লংকা আৰক্ষী আৰু এম্বুলেঞ্চ ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাত ক্ষুদ্ধ হৈ পৰে স্থানীয় ৰাইজ । পিছত লংকা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক দুখন থানালৈ লৈ যোৱাৰ ব্যৱস্থা কৰে ।

উল্লেখ্য যে, লংকাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শীলবস্তি বাইপাছৰ পৰা ফৰেষ্ট গে'টলৈকে এই পথচোৱা মেৰামতি কৰি থকাৰ বাবে এটা পথ বন্ধ কৰি দিয়া হৈছে আৰু আনটো পথেৰে সকলো যান-বাহন অহা-যোৱা কৰিবলৈ দিয়া হৈছে ।

লগতে পঢ়ক : বানপানী নিবনুৱা সমস্যাতকৈ ভয়াৱহ ইছলামিক আগ্ৰাসন : সত্যৰঞ্জন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.