ETV Bharat / state

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ঐতিহাসিক বাছ যাত্ৰা

author img

By

Published : Sep 15, 2019, 11:51 PM IST

NRC ৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা ৰাইজৰ সৈতে সভাৰ জৰিয়তে মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কংগ্ৰেছ নেতা-কৰ্মীৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ঐতিহাসিক বাছ যাত্ৰা

হোজাই, 15 চেপ্তেম্বৰঃ NRC ৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা অঞ্চলৰ পৰিস্থিতি অধ্যয়ন, মত বিনিময় আৰু সজাগতা সৃষ্টিৰ লক্ষ্যৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ঐতিহাসিক বাছ যাত্ৰা | বাছ যাত্ৰা কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন মন্ত্ৰী, নেতা-পালিনেতা সকলো দেওবাৰে উপস্থিত হয় হোজাই জিলাৰ লংকাৰ কাকী ডেৰাপথাৰত | কাকীৰ ডেৰাপথাৰত উপস্থিত হয় কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰিপুন বৰা, ৰকিবুল হুছেইন, অৰ্ধেন্দু কুমাৰ দে' ,দেৱবত শইকীয়া আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈ | NRC তালিকাৰ পৰা কৰ্তন হোৱা ডেৰাপথাৰ অঞ্চলত অতীজৰ পৰা বসবাস কৰা গাৰো, কোঁচ, ডালু, হাজং আৰু বেংগলী পাঁচটা জনগোষ্ঠীয় লোকৰ সৈতে সভাৰ জৰিয়তে মত বিনিময় কৰে কংগ্ৰেছৰ নেতা কৰ্মীয়ে |

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ঐতিহাসিক বাছ যাত্ৰা

আনহাতে, দেওবাৰে সাহিত্য সভা ভৱনত 'NRC পাচৰ অসম শীৰ্ষক' ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰে অসম সাহিত্য সভা, নন্দ তালুকদাৰ ফাউণ্ডেচন আৰু ষ্টুডিঅ' নিলীমায়ে ৷ নাগৰিকপঞ্জী খনৰ আসোঁৱাহ বিষয়ে কেতবোৰ তথ্য সহ বহু বক্তব্য আগবঢ়াই সদস্য সকলে । মেজমেলত কি কাৰণত ইমান সংখ্যক লোকৰ নাম NRC ত সোমাল আৰু 19 লাখৰ বাদ পৰিল তাৰ ওপৰতো বিশেষভাৱে আলোচনা কৰে । লগতে নাগৰিকপঞ্জীৰ কামত নিয়োজিত 52 হাজাৰ চৰকাৰী কৰ্মচাৰীৰ প্ৰতি কোনো আক্ষেপ নাই বুলি প্ৰকাশ কৰাৰ লগতে তেঁওলোকক কৃতজ্ঞতা জ্ঞাপন কৰে ।

Intro:NRC ৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা ৰাইজৰ সতে সভাৰ জৰিয়তে মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কংগ্ৰেছ নেতা-কৰ্মীৰ |
Body:বাছ যাত্ৰাৰে হোজাই জিলা লংকাৰ ডেৰাপথাৰত উপস্হিত অসম কংগ্ৰেছ সমিতিৰ সদস্য, কংগ্ৰেছ দলৰ প্ৰাপ্তন মন্ত্ৰী আৰু নেতা -পালি নেতাৰ | NRC ৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা ৰাইজৰ সতে সভাৰ জৰিয়তে মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ উক্ত কংগ্ৰেছ নেতা-কৰ্মীৰ |

NRC ৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা অঞ্চলৰ পৰিস্হিতি অধ্যয়ন, মত বিনিময় আৰু সজাগতা সৃষ্টিৰ লক্ষ্যৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ঐতিহাসিক বাছ যাত্ৰা |
বাছ যাত্ৰা কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাপ্তন মন্ত্ৰী,নেতা পালিনেতা দেওবাৰে উপস্হিত হয় হোজাই জিলাৰ লংকাৰ কাকী ডেৰাপথাৰত | কাকীৰ ডেৰাপথাৰত উপস্হিত হয় কংগ্ৰেছৰ প্ৰাপ্তন মন্ত্ৰী ৰিপুন বৰা, ৰকিবুল হুছেইন, অৰ্ধেন্দু কুমাৰ দে ,দেৱবত শইকীয়া আৰু নগাও সাংসদীয় সমষ্টিৰ বৰ্তমানৰ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুত বৰদলৈ | NRC তালিকাৰ পৰা কৰ্তন হোৱা ডেৰাপথাৰ অঞ্চলত অতীজৰ পৰা বসবাস কৰা গাৰো, কোঁচ, ডালু, হাজং আৰু বেংগলী পাঁচটা জনগোষ্ঠীয় লোকৰ সতে সভাৰ জৰিয়তে মত বিনিময় কৰে কংগ্ৰেছৰ নেতা কৰ্মীয়ে |

""অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে অসমৰ ইমুৰৰ পৰা সিমুৰলৈকে যোৱাৰ লগতে বৰাক লৈও যাৱ আৰু NRC ত নাম বাদ পৰা ভাৰতীয় নাগৰিক সকলৰ ওচৰলৈ যাৱ, দুখৰ সমভাঙি হৱ আৰু কংগ্ৰেছ দলৰ অধিবক্তা সকলৰ জৰিয়তে দিহা পৰামৰ্শ দিয়া হৱ পুনৰ আবেদন দিৱৰ বাবে ""--ৰিপুন বৰা |

'অমিত শাহ' এক দেশ এক ভাষা ক্ষেত্ৰত প্ৰতিক্ৰিয়া ৰিপুন বৰাৰ | আমি এইটো সম্পূৰ্ণ অাপোচ কৰিছো | কাৰণ অামাৰ সংবিধানত স্বীকৃতি আছে তিনিটা ভাষা | আমাৰ তিনিটা ভাষা পলিচি | প্ৰথমটো হৈছে আমাৰ হিন্দী ৰাষ্ট্ৰ ভাষা, দ্বিতীয়বাৰ হৈছে ইংৰাজী,তৃতীয়টো হৈছে আমাৰ মাতৃভাষা | এইটো তেওলোকৰ একনায়কত্ব বাদী | তেওলোকৰ খালি এক দেশ, এক ৰিলিজন ,এক ভাষা এইবোৰ তেওলোকৰ শ্ল'গান | ৰাইজৰ যে আৰ্থিক দূৰৱস্হা হৈছে সেইবোৰৰ প্ৰতি তেওলোকৰ কাণষাৰ নাই | ---ৰিপুন বৰা |

আমাৰ স্পষ্ট কথা ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা প্ৰতিজনৰ নাম NRCতালিকাত নাম অন্তৰ্ভূক্ত হৱ লাগে |-- ৰকিবুল হুছেইন |

BYTE: ৰিপুন বৰা/ৰকিবুল হুছেইন।

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.