হোজাই, 29 নৱেম্বৰ: দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহলশীলতাৰ কথা কৈ শাসনলৈ অহা সৰ্বানন্দ সোণোৱাল চৰকাৰখনৰ দিনত প্ৰতিদিনে প্ৰতিফলিত হৈছে দুৰ্নীতিমুক্ত অসমৰ বিপৰীত ছবি ৷ প্ৰায়ে পোহৰলৈ অহা দেখা গৈছে বিভিন্ন চৰকাৰী কাৰ্যালয়ত অবাধ গতিত চলি থকা দুৰ্নীতিৰ ৰমৰমীয়া বেহা ৷ শেহতীয়াকৈ কেইবাটাও চৰকাৰী বিভাগত শীৰ্ষ পদবীধাৰী বিষয়াই সাধাৰণ জনতাৰ পৰা গুণ্ডাগিৰিৰে ধন আত্মসাৎ কৰাৰ ঘটনা পোহৰলৈ অহাৰ সমান্তৰালকৈ পোহৰলৈ আহিছিল যান-বাহন আৰক্ষীৰ লগতে গৃহৰক্ষী জোৱানে ৰাজপথতে সাধাৰণ জনতাৰ পৰা বে-আইনী ভাৱে ধন সংগ্ৰহ কৰাৰ ঘটনা ৷ ইয়াৰ পাছতো কিন্তু কোনো ধৰণৰ ভয়-শংকা নকৰাকৈ একাংশ বিষয়াই বৰ্তমানেও চলাই আছে দুৰ্নীতিৰ অবাধ বেহা ৷
এইবাৰ পুনৰ হোজাই জিলা ডবকাত সংঘটিত হৈছে অনুৰূপ ঘটনা ৷ বৃহস্পতিবাৰে সন্ধিয়া উৎকোচ লোৱাৰ অৱস্থাতে দূৰ্নীতি নিৰ্বাৰক শাখাই হাতে-লোটে কৰায়ত্ত কৰে হোজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিলোৎপল ভূঞাক ৷ উল্লেখ্য যে, ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ দুৰ্নীতিৰ সন্দৰ্ভত পূৰ্বৰে পৰা জ্ঞাত আছিল গুৱাহাটী দূৰ্নীতি ৰ্নিবাৰক শাখা ৷ এজন যুৱকৰ গোচৰৰ ভিত্তিতে দূৰ্নীতি ৰ্নিবাৰক শাখাই কৰায়ত্ত কৰে যুৱকজনক ৷
কেনেকৈ কৰায়ত্ত হ'ল নিলোৎপল ভূঞা : ঘটনাৰ বিৱৰণী অনুসৰি আৰক্ষী বিষয়া জনে ডবকাৰ আৰিফ নামৰ এজন যুৱকক বাৰে-বাৰে দাবী কৰি আহিছিল বৃহৎ পৰিমানৰ ধন ৷ যুৱকজনে জনোৱামতে তেঁওৰ ওপৰত এটা গোচৰ ৰুজু হোৱাৰ বাবে তেঁও বাৰে-বাৰে কাষ চাপিছিল আৰক্ষী বিষয়া নিলোৎপল ভূঞাৰ ৷ তেওঁৰ ওপৰত ৰুজু হোৱা গোচৰৰ ধাৰা আৰু গোচৰ নম্বৰৰ বিষয়ে জনাবলৈ যুৱক জনে বহুবাৰ অনুৰোধ কৰিছিল আৰক্ষী বিষয়া গৰাকীক ৷ কিন্তু সেই সময়ত আৰক্ষী বিষয়াগৰাকীয়ে যুৱকজনক এজন জামিনদাৰ সহ দহ হাজাৰ টকা লৈ থানালৈ আহিবলৈ জনাই ৷ এই কথাত অমান্তি হৈ যুৱকজনে কাষ চাপে দূৰ্নীতি নিবাৰক শাখাৰ ৷
যুৱকজনে বিষয়াগৰাকীয়ে দাবী কৰা উক্ত ধনৰাশি ডবকাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিলোৎপল ভূঞাৰ হাতত দিয়াত টকাখিনি তেওঁৰ ড্ৰাইভাৰৰ হাতত দি থৈ বিষয়া গৰাকী থানাৰ ভিতৰলৈ গুচি যায় ৷ ঠিক সেই সময়তে পূৰ্বৰে পৰা উক্ত স্থানত উপস্থিত থকা দূৰ্নীতি নিবাৰক শাখাৰ বিষয়াই উৎকোচ লোৱা সন্দৰ্ভত নিলোৎপল ভূঞাক সোধ-পোচ কৰাত এই কথা অস্বীকাৰ কৰে বিষয়া গৰাকীয়ে ৷ কিন্তু এই ঘটনাকলৈ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু দূৰ্নীতি নিবাৰক শাখাৰ বিষয়াই ঘটনাৰ তদন্ত আৰম্ভ কৰি অৱশেষত ঘটনা সন্দৰ্ভত দোষী প্ৰমাণিত হোৱাত গ্ৰেপ্তাৰ কৰি লৈ যায় বিষয়াগৰাকীক ৷ এই ঘটনাই যেন পুনৰ প্ৰতিফলিত কৰিছে প্ৰকৃততে কিমান দুৰ্নীতি মুক্ত হৈছে অসম ৷ ইমানৰ পাচতো কেৱল কথাৰ ফুলজাৰি মৰাতে ব্যস্ত থকা সৰ্বানন্দ সোণোৱাল চৰকাৰে এই সমূহ ঘটনা ৰোধ কৰিবলৈ কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে নাই সেয়া হ'ব লক্ষণীয় ৷