হোজাই,24 নৱেম্বৰ : হোজাইৰ ব্যৱসায়ীৰ হত্যাকাণ্ডত ব্যৱহৃত হোৱা অস্ত্ৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ । দেওবাৰে হোজাইৰ ৰামপুৰ বস্তুীৰ সুৰেজ কুমাৰ যাদৱৰ ঘৰৰ পৰা ছয় জাঁই সজীৱ গুলী সহ এটি 7.65 MM মেগজীন উদ্ধাৰ কৰে হোজাই আৰক্ষীয়ে ৷ লগতে আৰক্ষীয়ে উক্ত ঘটনাৰ লগত জড়িত তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে ।
উল্লেখ্য যে, ১৩ নৱেম্বৰৰ সন্ধিয়া হোজাই চহৰৰ মাজমজিয়াত এই জঘন্য হত্যাকাণ্ডটো সংঘটিত হৈছিল । দুৰ্বিত্তৰ গুলীত নিহত হৈছিল হোজাইৰ দক্ষিণ গোলাঘাতিয়াৰ প্ৰসেণজিৎ নন্দী নামৰ ব্যৱসায়ীজন । ইয়াৰ পাছতে হোজাই আৰক্ষীয়ে তদন্ত চলাই ঘটনাৰ লগত জড়িত মুঠ সাত জনকৈ লোকক এতিয়ালৈ গ্ৰেপ্তাৰ কৰিছে । ধৃত কেইজন হৈছে ক্ৰমে সুৰেজ কুমাৰ যাদৱ, উত্তম দাস, নিতীস কুমাৰ যাদৱ, ৰাজ কুমাৰ, গৌতম সেন, ৰাম কুমাৰ যাদৱ আৰু সন্তোশ কুমাৰ ।
লগতে পঢ়ক: আমিষ উপভোগ ৰত্নাকৰ টিমৰ