ETV Bharat / state

ধন আত্মসাৎ কৰি আটক হ’ল গাঁওৰক্ষী বাহিনীৰ সম্পাদকসহ তিনিজন

author img

By

Published : Sep 9, 2022, 10:42 PM IST

অপৰাধ তথা দুৰ্নীতি পুলিয়ে পোখাই উঘালিবলৈ সদা সষ্টম অসম আৰক্ষীয়ে (Assam Police crack down on crimes) ৷ এইবাৰ অসম আৰক্ষীৰ জালত পৰিছে হোজাই গাঁওৰক্ষী বাহিনীৰ লোক ৷ চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগত আটক হোজাই গাঁওৰক্ষী বাহিনীৰ তিনি অভিযুক্তক (Hojai police arrested village guards) ৷

Hojai police arrested village guards
ধন আত্মসাৎ কৰি আটক হ’ল হোজাই গাঁওৰক্ষী বাহিনীৰ তিনি অভিযুক্ত

হোজাই, 9 ছেপ্টেম্বৰ : এইবাৰ আৰক্ষীৰ ৰোষত পৰিছে হোজাইৰ গাঁওৰক্ষী বাহিনী ৷ ইতিমধ্যে হোজাই আৰক্ষীয়ে আটক কৰিছে গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক মইনউদ্দিন আহমেদ আৰু তেওঁৰ দুই সতীৰ্থ ৷ আটকাধীন মইনউদ্দিন আহমেদৰ দুই সতীৰ্থ হৈছে সতীশ কুমাৰ চৌৱে আৰু ধনেশ্বৰ চৌড়া (Hojai police arrested village guards) ৷

অভিযোগ অনুসৰি, হোজাইৰ আৰক্ষী অধীক্ষকে নিষ্ক্ৰিয় কৰি ৰখা গাঁওৰক্ষী বাহিনীৰ বেংক একাউণ্টৰ ধন জালিয়াতিৰে উঠাই আত্মসাৎ কৰিছিল (Hojai VDP Embezzlement of government funds) ৷ এই অভিযোগৰ ভিত্তিতে লংকা আৰক্ষীয়ে আটক কৰে হোজাই জিলাৰ গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক মইনউদ্দিন আহমেদ আৰু সম্পাদক সতীশ কুমাৰ চৌৱেক ।

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, দুয়োগৰাকীয়ে হোজাইৰ বৰপুখুৰী গাঁওৰক্ষী বাহিনীৰ নামত নিষ্ক্ৰিয় কৰি থোৱা গ্ৰামীণ বিকাশ বেংকৰ একাউণ্টৰ পৰা জালিয়াতিৰে 60 হাজাৰ টকা আত্মসাৎ কৰিছিল । এই ধন আত্মসাৎ কার্যত বৰপুখুৰী গাঁওৰক্ষী বাহিনীৰ সভাপতি ধনেশ্বৰ চৌড়াও জড়িত আছিল ।

লগতে পঢ়ক : সোণাৰিত পাঁচ যুৱকৰ কামনাৰ বলি হ’ল যুৱতী

এই সন্দৰ্ভত হোজাই আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা দাখিল কৰা এখন এজাহাৰৰ ভিত্তিতে এটা গোচৰ ৰুজু কৰা হৈছিল । উক্ত গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ অধীনত মইনউদ্দিন আহমেদ আৰু সতীশ কুমাৰ চৌৱেক লংকা আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে ৷ আনকি দুয়োগৰাকীকে শুকুৰবাৰে ন্যায়িক আদালতত হাজিৰ কৰা হয় ৷

পৰৱৰ্তী সময়ত দুয়ো অভিযুক্তক জেল হাজোতলৈ প্ৰেৰণ কৰে । আনহাতে, আনজন অভিযুক্ত ধনেশ্বৰ চৌড়াক আন এটা গোচৰত পূৰ্বৰে পৰা জেলত থকাৰ পৰিপ্ৰেক্ষিতত জেলৰ পৰা মুক্ত হ’লেই এই গোচৰত গ্ৰেপ্তাৰ কৰা হ’ব বুলি হোজাই উপ-আৰক্ষী অধীক্ষক ৰজী তালুকদাৰে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

লগতে হোজাই জিলাৰ পৰা অপৰাধ তথা দুৰ্নীতি নিৰ্মূল কৰিবলৈ সদা সষ্টম বুলি মন্তব্য কৰে হোজাই উপ-আৰক্ষী অধীক্ষক ৰজী তালুকদাৰে (Assam Police crack down on crimes)৷

লগতে পঢ়ক : পুঠিমাৰীৰ পৰা উৎখাত জুৱাৰ ঘাটি, আটক 8

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.