ETV Bharat / state

হোজাই আৰু গোলাঘাটত আটক আলফাৰ লিংকমেন

author img

By

Published : Nov 28, 2019, 10:21 PM IST

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱা ভাগত 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুৰাবাংলা আৰু ৰঙাজানৰ পৰা উদ্ধাৰ হয় আলফাৰ পতাকাৰ লগত আলফা জিন্দাবাদ লিখা কেইবাখনো কাগজ ৷

হোজাই,গোলাঘাট
আলফাৰ লিংকমেন

নিউজ ডেস্ক, 26 নৱেম্বৰ: হোজাই জিলাৰ লংকা আৰক্ষীৰ বৃহৎ সফলতা ৷ বৃহস্পতিবাৰে লংকাস্থিত 1 নং কাকী কনিষ্ট মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত আলফা স্বাধীনৰ পতকা উৰুওৱা কাণ্ডৰ লগত জড়িত এজন আলফাৰ লিংকমেন আটক কৰে হোজাই আৰক্ষীয়ে ৷ আটকাধীন লিংকমেনজনৰ নাম মানৱ জ্যোতি কলিতা বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি লামডিঙৰ পৰা আটক কৰা হয় লিংকমেনজনক ৷ এই ক্ষেত্ৰত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

আলফাৰ লিংকমেন আটক

লগতে পঢ়ক: ISIS-ৰ দৰে সন্ত্ৰাসবাদী সংগঠনে বিশেষ সুযোগৰ সন্ধানত খোপনি পুটিছে অসমত : ৰাজ্যপাল জগদীশ মুখী

আনহাতে গোলাঘাটৰ পুৰাবাংলাত পাপুল অসম কোঁৱৰ ওৰফে বো কোঁৱৰ নামৰ এজন যুৱকক আলফাৰ লিংকমেনৰ সন্দেহত আটক কৰে গোলাঘাট আৰক্ষীয়ে । উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱা ভাগত 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুৰাবাংলা আৰু ৰঙাজানৰ পৰা উদ্ধাৰ হয় আলফাৰ পতাকাৰ লগত আলফা জিন্দাবাদ লিখা কেইবাখনো কাগজ ৷ এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত পুৰাবাংলাৰ নিজ ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা আৰক্ষীয়ে আটক কৰে যুৱকজনক ৷যুৱক জনৰ কম্পিউটাৰত উদ্ধাৰ হৈছে আলফা স্বাধীনৰ পেড আৰু বহু অপত্তিজনক তথ্য । উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৷

Intro:হোজাই জিলাৰ লংকা আৰক্ষীৰ বৃহৎ সফলতা।Body:হোজাই জিলাৰ লংকা আৰক্ষীৰ বৃহৎ সফলতা।

পুৱা ভাগত লংকা ১ নং কাকী কনিষ্ট মহা বিদ্যালয়ৰ গেইটত আলফা স্বাধীনৰ পতকা উৰুৱা কাণ্ডৰ লগত জড়িত এজন আলফাৰ লিংকমেন আটক।

আটকা হোৱা আলফাৰ লিংক মেন জনৰ নাম মানৱ জ্যোতি কলিতা।

লামডিংৰ পৰা আটক ধৃত যুৱক জন।

বৰ্তমান লংকা থানাত ধৃত যুৱক জনক জেৰা অব্যাহত।

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.