হোজাই, 18 জুনঃ হোজাই জিলাৰ নখুটীৰ হোছেইনীয়া মাদ্ৰাছা কোৱাৰেণ্টাইন কেন্দ্ৰত অস্বাস্থ্য়কৰ পৰিৱেশ তথা যাৱতীয়া কোনো সা-সুবিধা নথকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰটোত থাকিবলৈ যোৱা লোকসকলে । অভিযোগ অনুসৰি কেন্দ্ৰটোত নাই কোনো পৰিষ্কাৰ পৰিচন্নতাৰ ব্যৱস্থা । আনকি পৰিষ্কাৰ শৌচালয়ৰ লগতে শুবলৈয়ো কোনো ব্যৱস্থা নাই বুলি অভিযোগ কৰে লোক সকলে ।
সেয়ে যোৱা নিশা চেন্নাইৰ পৰা অহা লোক কেইজনমানে কেন্দ্ৰটোৰ বাৰন্দা আৰু আন কেইজন মানে কাষৰত থকা মছজিদত নিশাটো অতিবাহিত কৰিছে বুলি জানিবলৈ দিয়ে ।এই সম্পৰ্কে লোক সকলে গাঁও বুঢ়াক পুৱা অৱগত কৰে যদিও ওলোটাই তেওঁহে তাত থকা লোক সকলক প্ৰশ্ন কৰে বুলি জানিবলৈ দিছে ।
ইপিনে, কেন্দ্ৰটোত পূৰ্বৰ পৰা থকা লোক সকলক অভিযোগ যে, নতুনকৈ অহা লোক সকলক কৰোৱা নাই কৰ'ণা ভাইৰাছৰ কোনো পৰীক্ষণ ।