ETV Bharat / state

বেংক হস্তান্তৰকৰণঃ উত্তপ্ত হোজাই - এছ বি আই

হোজাইৰ মোৰাঝাৰৰ ভাৰতীয় ষ্টেট বেংকটো স্থানান্তৰ কৰাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ, বেংকটোত দুৰ্নীতি চলি অহাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

হোজাইত উত্তপ্ত পৰিস্থিত
author img

By

Published : Jun 19, 2019, 3:45 PM IST

হোজাই,১৯জুনঃ হোজাইত উত্তপ্ত পৰিস্থিতি । হোজাইৰ মোৰাঝাৰৰ ভাৰতীয় ষ্টেট বেংকটো স্থানান্তৰ কৰাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ । মোৰাঝাৰত থকা SBIৰ শাখাটোত দীৰ্ঘদিন ধৰি কেলেংকাৰী চলি অহাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । ইফালে এই দুৰ্নীতি পোহৰলৈ অহাৰ পাছতো গাপ দিয়াৰ বাবে কৌশলেৰে বেংকটো স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছে বেংক কৰ্তৃপক্ষই । প্ৰায় এক লাখ গ্ৰাহকৰ লগত সম্পৰ্ক থকা বেংকটো স্থানান্তৰ কৰাৰ ঘটনাত এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । যাৰ বাবে অঞ্চলবাসীয়ে হোজাইৰ ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিলে প্ৰতিবাদ ।

হোজাইত উত্তপ্ত পৰিস্থিত

বিগত দুবছৰ পৰা বেংকটোত কোটি -কোটি টকাৰ কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ একাংশ দালাল আৰু বেংক বিষয়াই শ-শ ভূৱা একাউন্ট খুলি ভিন্ন আঁচনি আৰু ঋণৰ নামত কেলেংকাৰী সংঘটিত কৰি আহিছে বুলি প্ৰতিবাদকাৰীসকলে দাবী উত্থাপন কৰে । ইফালে, একাংশ গ্ৰাহকৰ অজ্ঞাতেও তেওঁলোকৰ একাউন্টৰ পৰা লাখ-লাখ টকা হৰলুকী হোৱাৰ কথা উল্লেখ কৰে স্থানীয় ৰাইজে । এই ঘটনা পোহৰলৈ অহাৰ পাছতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি কেবাজন দালালক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে । বেংক কৰ্তৃপক্ষইও নিলম্বন কৰে কেবাজনো কৰ্মচাৰীক । এই ঘটনাৰ পাছতেই স্থানীয় ৰাইজ আৰু ভুক্তভোগী গ্ৰাহকসকলে উক্ত দুৰ্নিতীৰ বিৰুদ্ধে আৰম্ভ কৰে প্ৰতিবাদ ।

Intro:হোজাই জিলাৰ মোৰাঝাৰ SBI বেংক স্থানান্তৰ কৰাক কেন্দ্ৰকৰি উত্তপ্ত ৷
Body:হোজাই জিলাৰ মোৰাঝাৰ SBI বেংক স্থানান্তৰ কৰাক কেন্দ্ৰকৰি উত্তপ্ত ৷

ভাৰতীয় ষ্টেট বেংকৰ মোৰাঝাৰ শাখাত কোটি কোটি টকাৰ দু্ৰ্ণীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছত এই দুৰ্ণীতি গাপ দিয়াৰ বাবে কৌশলেৰে বেংকটো স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছে বেংক কৰ্তৃপক্ষই ৷ বৃহত্তৰ অঞ্চলৰ একমাত্ৰ বিত্তীয় প্ৰতিষ্টান খন স্থানান্তৰ কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজ তথা দল সংগঠনে ৷

SBI ৰ মোৰাঝাৰ শাখাত বৃহৎ কেলেংকাৰী ৷

কেলেংকাৰী গাপ দিয়াৰ অভিযোগ বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷

কৌশলেৰে বেংক স্থানান্তৰ কৰাৰ সিদ্ধান্ত ৷

বেংক স্থানান্তকৰণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৷

হয়, বৃহত্তৰ মোৰাঝাৰ অঞ্চলৰ একমাত্ৰ বিত্তীয় প্ৰতিষ্টান এই বেংকটো ৷ প্ৰায় পয়ত্ৰিশ বছৰ আগত মোৰাঝাৰত স্থাপন হৈছিল এই বেংকটো ৷ প্ৰায় এক লাখ গ্ৰাহকৰ লগত সম্পৰ্ক আছে এই বেংকটো ৷

বিগত দুবছৰ পৰা বেংকটো ত সংঘটিত হৈছিল কোটি কোটি টকাৰ কেলেংকাৰী ৷ একাংশ দালাল আৰু বেংক বিষয়াই শ শ ভূৱা একাউন্ট খুলি ভিন্ন আচনি আৰু ঋণৰ নামত সংঘটিত কৰে এই কেলেংকাৰী ৷

একাংশ গ্ৰাহকৰ অজ্ঞাতেও তেওলোকৰ একাউন্টৰ পৰা হৰলুকি কৰে লাখ লাখ টকা ৷

ঘটনা পোহৰলৈ অহাৰ পাছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি কেবাজন দালালক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ বেংক কৰ্তৃপক্ষইও নিলম্বন কৰে কেবাজন কৰ্মচাৰীক ৷

তাৰ পাছতেই স্থানীয় ৰাইজ আৰু ভুক্তভোগী গ্ৰাহকসকলে উক্ত দু্ৰ্ণীতিৰ বিৰুদ্ধে আৰম্ভ কৰে প্ৰতিবাদ ৷

কিন্তু বেংকৰ বিৰুদ্ধে প্ৰতিবাদ কৰাত জাঙুৰ খাই উঠে বেংক কৰ্তৃপক্ষ ৷ বেংক কৰ্তৃপক্ষই এই দুৰ্ণীতি গাপ দিয়াৰ বাবে কৌশল কৰি কিছু আজৱ যুক্তি দেখুৱাই বেংকটো মোৰাঝাৰৰ পৰা নীলবাগানলৈ স্থানান্তৰ কৰাৰ যোজা আৰম্ভ কৰে ৷

আৰু বেংকটো স্থানান্তৰ কৰাৰ খবৰ পোৱাৰ লগে লগে জাঙুৰ খাই উটে মোৰাঝাৰবাসী ৰাইজ ৷

আজি মোৰাঝাৰ বজাৰৰ সকলো দোকান পোহাৰ বন্ধ কৰি এইদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদত অংশগ্ৰহণ কৰে NSUI, AAMSU, AUDSF, AAKSU, NEMSU, কে ধৰি অন্যান্য দল সংগঠনে ৷ প্ৰতিবাদকাৰী সকলে বেংক স্থানান্তকৰণৰ সিদ্ধান্ত পৰিহাৰ কৰি বৃহৎ কেলেংকাৰীটোৰ তদন্ত কৰিবলৈ কৰ্তৃপক্ষক দাবী জনায় ৷ অন্যথাই ইয়াত কৈ বৃহৎ প্ৰতিবাদী কাৰ্যসুচী লোৱাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী দল সংগঠনে ৷

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.