হোজাই, 2 ডিচেম্বৰঃ হোজাই জিলাৰ ডবকাত সংঘটিত হৈছে এক অমানৱীয় কাণ্ড ৷ ৰাজপথত থিয় কৰাই দুই যুৱতীক প্ৰহাৰ মৌলবীৰ ৷ কেৱল প্ৰহাৰ কৰাই নহয় যুৱতী দুগৰাকীক উদ্দেশ্যি অশ্লীল গালি-গালাজো কৰিছে লোকজনে ৷
উল্লেখ্য যে, ডবকাৰ কাঞ্চি বজাৰত পুৱতি নিশা যুৱতী দুগৰাকীক অগচি ধৰে তিনিজন যুৱকে ৷ ইয়াৰ পিছতেই নিজকে ডন বুলি পৰিচয় দিয়া এগৰাকী মৌলবীয়ে দুয়োগৰাকী যুৱতীকে উপৰ্যুপৰি প্ৰহাৰ কৰে ৷ সম্প্ৰতি এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷
এই অমানৱীয় কাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন ৷ আটাইকেইগৰাকী অভিযুক্তক আটক কৰি উচিত শাস্তি প্ৰদান কৰাৰ বাবে দাবী উত্থাপন কৰিছে বিভিন্ন দল-সংগঠনে ৷
লগতে পঢ়ক-সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে মৰাণত আৰম্ভ হৈছে অসম দিৱস