হোজাই, 6 অক্টোবৰঃ হোজাই জিলাৰ লংকাত নৱ-নিৰ্মিত ব্যৱসায় প্ৰতিষ্ঠানৰ ভেটি নিৰ্মাণ আৰু আৱন্টনৰ নামত বিয়াগোম দূৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশই । জানিব পৰা মতে, RTI ৰিপৰ্টত পোহৰলৈ আহিছে বহু ভয়ংকৰ তথ্য । RTI কৰ্মীয়ে সংবাদমেল অনুষ্ঠিত কৰি তথ্য সহকাৰে দুৰ্নীতি সন্দৰ্ভত ফাদিল কৰিছে তথ্য । ব্যৱসায় প্ৰতিষ্ঠানটোৰ নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা বুলি জানিবলৈ দিয়ে RTI কৰ্মীয়ে ৷ লগতে আৱন্টনৰ নিয়ম অমান্য কৰি অধিক হাৰত পুঁজিপতি ব্যৱসায়ী, চাকৰিয়াল আৰু একোজন ব্যক্তিৰ নামত তিনিৰ পৰা পাঁচটাকৈ ভেটি আৱন্তন কৰাৰ তথ্যও পোহৰলৈ আহিছে ।
লগতে পঢ়কঃ চিলাপথাৰৰ গাই নৈত বুৰ গ'ল 12খন ডাম্পাৰ আৰু 2 খন জেচিবি
স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ীক ভেটি আৱন্টন কৰাৰ বিপৰীতে বহিৰাগত লোককহে ভেটি আৱন্টন দিয়া বুলিও জানিব পৰা গৈছে । RTI কৰ্মীয়ে উক্ত বিষয়ৰ তদন্তৰ বাবে জিলা উপায়ুক্ত আৰু মুখ্যমন্ত্ৰী অনুসন্ধান শাখাক আবেদন দাখিল কৰিছে । তদন্তৰ পিছতহে পোহৰলৈ আহিব সামগ্ৰীক ঘটনাৰ মূল অভিযুক্ত ।