ETV Bharat / state

60হাজাৰ টকাত বিক্ৰী লামডিং বনাঞ্চলৰ মাটি!

author img

By

Published : Nov 17, 2020, 5:25 PM IST

Updated : Nov 17, 2020, 5:39 PM IST

হোজাই জিলাৰ লামডিং সংৰক্ষিত বনাঞ্চলৰ মাটি বিক্ৰী সন্দেহযুক্ত নাগৰিকক । একাংশ ভূ-মাফিয়াই বনাঞ্চল খনৰ মাটি কোনো তথ্য নোহোৱাকৈয়ে বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

hojai-lumding-forest-destruction
লামডিং বনাঞ্চলত সন্দেহযুক্ত নাগৰিকৰ বজাৰ

হোজাই,17 নৱেম্বৰ: ধ্বংসৰ গৰাহত হোজাই জিলাৰ লামডিং বনাঞ্চলৰ চৰকাৰী মাটি । বৰ্তমান অসমৰ বিভিন্ন প্ৰান্তৰ লগতে সন্দেহযুক্ত নাগৰিকৰ বসতি স্থল হৈ পৰিছে এই লামডিং বনাঞ্চল । নখুটি বিট অফিচৰ পৰা প্ৰায় দহ কিলোমিটাৰ নিলগৰ ঘন জংঘলৰ মাজত স্থাপন হৈছে প্ৰায় তিনিশ ঘৰ পৰিয়াল ৷ ইয়াৰ লগতে স্থাপন হৈছে এখন বৃহৎ বজাৰ । অঞ্চলটোৰ একাংশ লোকে বনাঞ্চল খনৰ প্ৰতি বিঘা মাটি দুইৰ পৰা পাঁচ হাজাৰ টকাত বিক্ৰী কৰিছে বহু সন্দেহযুক্ত নাগৰিকক ৷ বৰ্তমানলৈ প্ৰায় তিনিশটা পৰিয়ালক ভূ-মাফিয়াই বনাঞ্চলখনৰ মাটি বিক্ৰী কৰা বুলি প্ৰকাশ কৰে বনাঞ্চল খনত বাস কৰা একাংশ লোকে ৷

বনাঞ্চলত বাস কৰা একাংশ লোকে প্ৰকাশ কৰা অনুসৰি,কোনো তথ্য নোহোৱাকৈ ভূ-মাফিয়াই বিক্ৰী কৰিছে বনাঞ্চল খনৰ মাটি ৷ একাংশই আকৌ নিজ ইচ্ছাৰে গছ-গছনি কাটিছে আৰু বাস কৰিছে ৷

অন্য এক খবৰৰ বাবে: কিয় বিপিএফ ত্যাগ কৰিব বিশ্বজিৎ দৈমাৰীয়ে?

ইফালে,বনবিভাগ আৰু আৰক্ষী সেই অঞ্চললৈ পৰিদৰ্শন কৰিবলৈ যায় যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে লোকসকলক ডাঙৰ গছ নাকাটিবলৈ কৈ দায়িত্ব সামৰে বুলি একাংশ সচেতন লোকে প্ৰকাশ কৰে ৷

Last Updated : Nov 17, 2020, 5:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.