হোজাই, 9 অক্টোবৰঃ এফালে ন-দিন ধৰি দেৱী বন্দনা আনফালে নাৰী নিৰ্যাতন ৷ দেৱীক পূজা কৰা পূজাৰীৰ হাততে সুৰক্ষিত নহয় কণমানি | নৱমী পূজাৰ দিনাই কন্যা শিশুক ধৰ্ষণৰ চেষ্টা ৷ শক্তিৰূপী দেৱীক আৰাধনা কৰা পুৰোহিতে চলালে আতিশায্য ৷ দূৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে হোজাইৰ লংকাত সংঘটিত হ’ল এই লজ্জাজনক ঘটনা ৷ দশমীৰ নিশাই ৰঙাঘৰৰ আলহী হ’ল দেৱী পূজা কৰা পূজাৰী ৷
উল্লেখ্য যে,কাকী ১নং টঙিয়া শিৱমন্দিৰৰ সমীপতে অনুষ্ঠিত হোৱা দূৰ্গাপূজাৰ পূজাৰী ননিকেশ শৰ্মাই নৱমীৰ দিনা এজনী কণমানিক পূজা বুলি ১০ টকা যাচি অপকৰ্মৰ চেষ্টা চলায় ৷ নাবালিকাগৰাকীৰ মাতৃয়ে পূজাৰীগৰাকীৰ অপকৰ্মৰ সম্ভেদ লাভ কৰি ঘটনা সম্পৰ্কে কাকী আৰক্ষীক অৱগত কৰাত দশমীৰ নিশাই আৰক্ষীয়ে লম্পটৰূপী পূজাৰীক আটক কৰে ৷
আনহাতে, দূৰ্গাপূজা সমিতিৰ একাংশ লোকে পূজাৰীগৰাকীক মুকলি কৰি দিবলৈ কাকী আৰক্ষী থানাত সৃষ্টি কৰে এক উত্তপ্ত পৰিস্থিতিৰ ৷ কিন্তু ইতিমধ্যে নিজৰ অপকৰ্মৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰে পূজাৰী ননিকেশ শৰ্মাই ৷ পূজাৰীগৰাকীৰ এনে কৰ্মকাণ্ডক লৈ সম্প্ৰতি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক গৃহ কণ্ডলৰ কৰুণ পৰিণতিঃ পুত্ৰ-বোৱাৰীৰ হাতত প্ৰাণ গ'ল পিতৃৰ!