ETV Bharat / state

চাকৰিৰ নামত প্ৰতাৰণাৰ বলি 10 গৰাকীকৈ যুৱক

author img

By

Published : Nov 3, 2020, 11:33 AM IST

চাকৰিৰ নামত প্ৰতাৰণাৰ বলি হয় হোজাই জিলাৰ লংকাৰ 10 গৰাকীকৈ যুৱক ৷ সম্প্ৰতি ডেহৰাডুনৰ এটা গেষ্ট হাউছত পণবন্দী হৈ আছে অসহায় যুৱক কেইগৰাকী ৷

চাকৰিৰ নামত প্ৰতাৰণাৰ বলি
চাকৰিৰ নামত প্ৰতাৰণাৰ বলি

হোজাই, 3 নৱেম্বৰ: হোজাই জিলাৰ অন্তৰ্গত লংকাৰ ১০ গৰাকীকৈ নিবনুৱা যুৱকক কামৰ প্ৰলোভনৰে বহিঃৰাজ্যত নি প্ৰতাৰণাৰ অভিযোগ ৷ হোটেলৰ বিলৰ নামত যুৱককেইজনক আবদ্ধ কৰি, মোকলাই দিয়াৰ নামত 5 লাখ 50 হাজাৰ টকাৰ দাবী ৷ বিচৰা ধন দিব নোৱাৰাৰ বাবে সম্প্ৰতি পণবন্দী কৰি ৰখা হৈছে যুৱক কেইগৰাকীক ৷

চাকৰিৰ নামত প্ৰতাৰণাৰ বলি 10 গৰাকীকৈ যুৱক

অভিযোগ অনুসৰি, কামপুৰৰ যমুনামুখৰ পংকজ বৰা নামৰ এজন যুৱকে ডেহৰাডুনস্থিত ONGC ত কাম দিয়াৰ প্ৰলোভনেৰে লংকাৰ 10 জন যুৱকৰ পৰা গাইপতি 10 হাজাৰলৈ টকা সংগ্ৰহ কৰে ৷ 1 লাখ টকাৰ বিনিময়ত যুৱককেইজনৰ ডেহৰাডুনলৈ লৈ যায় অভিযুক্ত পংকজ বৰাই ৷ বিগত দুমাহ ধৰি ডেহৰাডুনৰ ৰামা গেষ্ট হাউছত যুৱক কেইগৰাকীক ভিন্ন প্ৰশিক্ষণ দিয়াৰ অন্তত কৰ্মসংস্থাপন দিয়াৰ পৰিৱৰ্তে, পংকজ বৰাই যুৱক কেইগৰাকীক তাতে এৰি পলায়ন কৰে ৷ যাৰ বাবে দুমাহ ধৰি ৰামা গেষ্ট হাউছ কৰ্তৃপক্ষই তেওঁলোকৰ পৰা বিল বিচাৰে 5 লাখ 50 হাজাৰ টকা ৷ কিন্তু বিল পৰিশোধ কৰিব নোৱাৰাত বৰ্তমান তেওঁলোক সেই গেষ্ট হাউছটোতে পণবন্দী হৈ থাকিবলগীয়া হৈছে ৷ এতিয়া অসহায় যুৱক কেইজনে উপায়ন্তৰ হৈ এক ভিডিঅ'যোগে তেওঁলোকক সহায় কৰিবলৈ চৰকাৰক অনুৰোধ জনায় ৷ আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত যুৱক কেইজনৰ পৰিয়ালে লংকা আৰক্ষী থানত ইতিমধ্যে গোচৰ ৰুজু কৰিছে ৷

অভিযুক্ত পংকজ বৰা
অভিযুক্ত পংকজ বৰা

লগতে পঢ়ক: জীতেন্দ্ৰ সিঙক উষ্ম আদৰণি জনালে চামগুৰিবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.