হোজাই, 7 ফেব্ৰুৱাৰীঃ যমুনামুখত লটিঘটি দুই বাবাৰ। কাণত ধৰি আঁঠু কাঢ়িবলগীয়া হ'ল ৰাজপথত। শুকুৰবাৰে হোজাইৰ যমুনামুখত ৰাইজৰ ৰোষত পৰিল দুই ভণ্ডবাবা ৷ৰাজপথত সন্মুখীন হ'ল ৰাজহুৱা শাস্তিৰ।
বাবাৰ ৰূপত বিগত কিছুদিন ধৰি হোজাই জিলাৰ যমুনামুখত আৱিৰ্ভাৱ হোৱা দুয়োজন বাবা প্ৰকৃততে প্ৰৱঞ্চকহে। বহিঃৰাজ্যৰ পৰা অহা বাবা ৰূপী এই লোক দুজনে হোজাই জিলাৰ বিভিন্ন অঞ্চলত পাতিছিল প্ৰৱঞ্চনাৰ জাল। বিগত কিছুদিন ধৰি হোজাইৰ বিভিন্নজনৰ ঘৰত উপস্থিত হৈ যুৱক যুৱতীক জৰা-ফুঁকাৰ নামত সংগ্ৰহ কৰি আহিছিল ধন। জৰা-ফুঁকাৰ নামত এজন ব্যক্তিৰ পৰা সংগ্ৰহ কৰিছে দহ হাজাৰ পৰ্যন্ত টকা।