ETV Bharat / state

হোজাইৰ বান পৰিস্থিতিৰ বুজ লৈ মুখ্যমন্ত্ৰীৰ মোদী বন্দনা

বানাক্ৰান্তৰ মাজত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মুখ্যমন্ত্ৰীয়ে হাতীমৰা গাঁওৰ কঁপিলীৰ মাথাউৰীত গড়া খহনীয়াৰো পৰ্যবেক্ষণ কৰে ৷ কামৰ সলনি নিজৰ চৰকাৰৰ গুণ গানহে গালে মুখ্যমন্ত্ৰীয়ে ৷

হোজাইৰ বান পৰিস্থিতিৰ বুজ লৈ মুখ্যমন্ত্ৰীৰ মোদী বন্দনা
হোজাইৰ বান পৰিস্থিতিৰ বুজ লৈ মুখ্যমন্ত্ৰীৰ মোদী বন্দনা
author img

By

Published : Jun 1, 2020, 9:25 PM IST

হোজাই, 1 জুনঃ হোজাইৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ গৈ সোমবাৰে বানাক্ৰান্ত মাজত উপস্থিত হোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী পীযুষ হাজৰিকাই ৰাইজৰ দুৰ্দশাৰ বিপৰীতে চৰকাৰৰ গুণগান গোৱাৰহে অভিযোগ উত্থাপন হৈছে ৷ হোজাইৰ আৰু লামডিং সমষ্টিৰ দুই বিধায়কক লগত লৈ বান পীড়িত এলেকাত ভ্ৰমণ কৰি হাতীমৰা গাঁৱৰ কঁপিলীৰ মথাউৰীত গৰা খহনীয়াৰ পৰ্যবেক্ষণ কৰি সংবাদ মাধ্যমৰ আগত নিজৰ চৰকাৰৰ আৰু প্ৰধানমন্ত্ৰীৰ গুণ গান গাই পঞ্চমুখ হৈ পৰে। কিন্তু বানাক্ৰান্তৰ খবৰ ল'বলৈ আহি ৰাইজৰ খবৰ লোৱা নাই বুলি অভিযোগ তুলিছে শিবিৰত থকা লোকসকলে।

HOJAI FLOOD EFFECTED AREA VISITED BY CM
মুখ্যমন্ত্ৰীৰ মোদী বন্দনা
অন্যহাতে কেন্দুগুৰি অঞ্চলত থকা প্ৰতিখন শিবিৰৰ শ শ লোক উলাই আহিল মুখ্যমন্ত্ৰীক চাবলৈ। মুখ্যমন্ত্ৰীক চাবলৈ অহা ৰাইজৰ মাজত নাই সামাজিক দুৰত্ব। মুখ্যমন্ত্ৰী অহা যোৱা কৰা বাটত থকা নামঘৰ,মন্দিৰ আদি শিবিৰ সমূহৰ বানাক্ৰান্ত্ৰই মুখ্যমন্ত্ৰীৰ এষাৰ মাত শুনিবলৈ অপেক্ষা কৰিছিল। কিন্তু মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্তৰ উদ্দেশ্য এষাৰো মন্তব্য নকৰাক লৈ ক্ষুদ্ধ হয় একাংশ বানপীড়িত লোক। মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্তৰ মাজত আহি মিঠাইৰ পেকেট বিতৰণ কৰি নিজৰ দায়িত্ব সামৰাৰ লগতে মুখ্যমন্ত্ৰী হোজাইলৈ অহাৰ বাবেহে জিলা প্ৰশাসনৰ লোকসকল সোমবাৰে বানাক্ৰান্ত অঞ্চলত উপস্থিত হৈছে বুলি অভিযোগ উত্থাপন কৰে বানপীড়িত লোকসকলে ৷
হোজাইৰ বান পৰিস্থিতিৰ বুজ লৈ মুখ্যমন্ত্ৰীৰ মোদী বন্দনা

লগতে পঢ়কঃ অবৈধ কয়লা খননক লৈ ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.