হোজাই,28মেঃ কৰ‘ণা আতংকৰ সমান্তৰালভাৱে ৰাজ্যত বৰ্তমান ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিয়ে। ৰাজ্যৰ উজনি পৰা নামনিলৈ বৰ্তমান বানৰ সংহাৰী ৰূপ। নৈ-উপনৈৰ বাঢ়নি পানীয়ে ইতিমধ্যে বিধ্বস্ত কৰি পেলাইছে নৈকাষৰীয়া মথাউৰি সমূহ।ৰাজ্যৰ আন আন ঠাইৰ লগতে হোজাই জিলাটো কপিলী নৈৰ বাঢ়নি পানীয়ে ইতিমধ্যে বিধ্বস্ত কৰি পেলাইছে কেবাটাও মথাউৰি।বছৰৰ প্ৰত্যােকটো বানে লংকাৰ ঠাইচুবালি, দৰ্জিচিত, অকান্তু আদি অঞ্চলৰ মাথাউৰি ভাঙি সৃষ্টি কৰি আহিছে বিভীষিকাৰ।
বিগত বৰ্ষৰ সমূহৰ দৰে এইবছৰো কপিলী নৈৰ বাঢ়নি পানীয়ে লৈছে ভয়ংকৰ ৰূপ। ইতিমধ্যে,কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত নৈৰ বাঢ়নি পানীয়ে কেবাটাও মথাউৰি ভাঙি নিয়াত বানত পাব্লিত হৈছে বিস্তীৰ্ণ অঞ্চল।শেহতীয়াকৈ বৃহস্পতিবাৰে সেই বানাক্ৰান্ত অঞ্চল তথা ভগ্নপ্ৰায় মথাউৰি সমূহ পৰিদৰ্শনৰ বাবে হোজাই জিলাত উপস্থিত হয় অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত।মন্ত্ৰী গৰাকীয়ে বান বিধ্বস্ত অঞ্চল সমূহত উপস্থিত হৈ পৰ্যবেক্ষণ কৰাৰ লগতে এচ ডি আৰ এফ বাহিনীৰ নৌকাত উঠি বিধ্বস্ত মথাউৰি সমূহ পৰিদৰ্শন কৰে ।
উল্লেখযোগ্য যে,বিগত কেইবাবছৰ ধৰি কপিলী নৈৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি উক্ত অঞ্চলসমূহত তাণ্ডৱ চলাই আহিছে।স্থানীয় বানাক্ৰান্ত ৰাইজে এই সন্দৰ্ভত স্থায়ী সমাধান বিচাৰি বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি অহাৰ পিছত বৄহস্পতিবাৰে জলসম্পদ মন্ত্ৰী গৰাকীয়ে স্থানীয় বিধায়কৰ লগতে আন আন বিষয়া সকলক লগত লৈ বিধ্বস্ত মথাউৰি সমূহ পৰিদৰ্শন কৰি মথাউৰি সমূহ অতি শীঘ্ৰে নিৰ্মাণৰ লগতে ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে ।
লগতে পঢ়কঃ শিৱসাগৰত পুনৰ এজনৰ দেহত কোভিড-19 ৰ অৱস্থিতি