ETV Bharat / state

শান্তি-শৃংখলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ড্ৰাই ডে' ঘোষণা - ড্ৰাই ডে

হোজাই জিলাত ড্ৰাই ডে’ ঘোষণা ৷ উপায়ুক্ত তথা জিলা দণ্ডাধীশ অনুপম চৌধুৰীয়ে এক নিৰ্দেশনা জৰিয়তে জিলাখনত ড্ৰাই ডে' ঘোষণা কৰিছে ৷

Hojai district administration announce dry day
শান্তি, শৃংখলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ড্ৰাই ডে' ঘোষণা
author img

By

Published : Oct 14, 2021, 9:07 PM IST

হোজাই, 14 অক্টোবৰ : হোজাই জিলাৰ উপায়ুক্ত তথা জিলা দণ্ডাধীশ অনুপম চৌধুৰীয়ে এক নিৰ্দেশনা জৰিয়তে জিলাৰখনত ড্ৰাই ডে' ঘোষণা কৰিছে ৷ শান্তি, শৃংখলা আৰু জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ স্বাৰ্থত তথা শাৰদীয় দুৰ্গা পূজা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷

Hojai district administration announce dry day
শান্তি, শৃংখলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ড্ৰাই ডে' ঘোষণা

জিলাখনত 14 পৰা 15 অক্টোবৰ লৈ বাহাল থাকিব এই ড্ৰাই ডে' ৷ জিলা প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি 14 আৰু 15 তাৰিখে সমগ্ৰ জিলাখনতে সুৰাৰ বিপনীসমূহ বন্ধ থাকিব । লগতে সুৰা বিক্ৰীৰ অনুজ্ঞাপ্ৰাপ্ত থকা বাৰ, হোটেল আদিতো সুৰাৰ বিক্ৰীত নিষিদ্ধ ঘোষণা কৰা হৈছে । তদুপৰি ড্ৰাই ডে' সময়ছোৱাত অনুজ্ঞাপত্ৰ নথকা বিপনীত সুৰা মজুত ৰাখিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে হোজাই জিলা প্ৰশাসনে ।

লগতে পঢ়ক: Laboratory Technician ৰ ধৰ্ষণ-হত্যাৰ অভিযুক্ত এতিয়াও মুকলি আকাশৰ তলত !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.