হোজাই,২২ এপ্ৰিল: হোজাই জিলাত বৃদ্ধি হৈছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । জিলাখনত ক'ভিড আক্ৰান্তৰ সংখ্যা ১০০ গৰাকী অতিক্ৰম কৰাৰ লগে লগে কঠোৰ হৈছে জিলা প্ৰশাসন । অসম চৰকাৰৰ শিক্ষা বিভাগৰ আহ্বান মৰ্মে অনুসৰি জিলা উপায়ুক্ত ডা০ সদনেক সিঙে বৃহস্পতিবাৰে এক অধিসূচনা জাৰি কৰে ।
অধিসূচনা অনুসৰি ষষ্ঠ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ ৫০ শতাংশ শিক্ষার্থীৰে পাঠদান চলিব । তাৰোপৰিও হোজাই জিলাৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহতো ৫০ শতাংশ শিক্ষার্থীৰে পাঠদান চলিব । এই ক্ষেত্ৰত শিক্ষানুষ্ঠান কর্তৃপক্ষই পাঠদানৰ সময় সূচী প্রস্তুত কৰাৰ ক্ষেত্ৰত সতর্ক হ'ব লাগিব যাতে ছাত্র-ছাত্রীৰ অধিক সমাগম নহয় ৷ লগতে শিক্ষানুষ্ঠান কর্তৃপক্ষই প্রাতঃ সভা অনুষ্ঠিত কৰিব নোৱাৰিব লগতে শিক্ষার্থীসকলক ক'ভিড-১৯ৰ বিধি নিয়মসমূহ পালন কৰাৰ ক্ষেত্ৰত শিক্ষা দিব লাগিব ৷ পাঠদানৰ ক্ষেত্ৰত শিক্ষানুষ্ঠান কর্তৃপক্ষই অনলাইন ব্যৱস্থাক অগ্রাধিকাৰ দিব লাগিব ।
কর্তৃপক্ষই নিজৰ নিজৰ শিক্ষানুষ্ঠানসমূহ সঘনাই চেনিটাইজ কৰিব লাগিব ৷ ইয়াৰ উপৰিও চৰ্দি, কাহ আৰু জ্বৰৰ লক্ষণ থকা কোনো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্রী বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিব।এই নীতি নির্দেশনাসমূহ ৮ মে' বা পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত কার্যকৰী হৈ থাকিব । হোজাই জনসংযোগ বিভাগৰ পৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে ।
লগতে পঢ়ক:ডিফুত পথ দুৰ্ঘটনাত নিহত ৩ জন