ETV Bharat / state

Hojai DC Press Conference: ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনীৰ প্ৰক্ৰিয়া আৰম্ভ - Hojai DC Anupam Chaudhary speaks on electoral rolls in Hojai

সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হৈছে ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী ২০২৩ৰ কাম । ৰাজ্য়ৰ আন জিলাৰ লগতে হোজাই জিলাতো ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী ২০২৩ৰ কাম আৰম্ভ কৰা হৈছে(Procedure for amendment of electoral rolls in Hojai)। এই বিষয়ে সংবাদমেলত উপায়ুক্ত অনুপম চৌধুৰীয়ে সদৰি কৰিছে ।

Hojai DC Press Conference
ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনীৰ প্ৰক্ৰিয়া আৰম্ভ
author img

By

Published : Jul 31, 2022, 3:19 PM IST

হোজাই, ৩১ জুলাই: সমগ্ৰ দেশৰ লগতে হোজাই জিলাতো ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী ২০২৩ৰ কাম আৰম্ভ কৰা হৈছে(Procedure for amendment of electoral rolls in Hojai)। এইক্ষেত্ৰত ৰাইজৰ লগতে সংবাদ মাধ্যমৰ সহযোগিতাৰ আহ্বান জনাইছে জিলা উপায়ুক্ত অনুপম চৌধুৰীয়ে(Hojai DC Anupam Chaudhary speaks on electoral rolls in Hojai)। জিলা উপায়ুক্ত কার্যালয়ৰ সভাগৃহত শনিবাৰে অনুষ্ঠিত এখন সংবাদমেলত উপায়ুক্ত চৌধুৰীয়ে এইদৰে আহ্বান জনাই কয় যে ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ।

সেই অনুসৰিয়ে অহা ৯ নৱেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব(Draft voters list released on November9)। তেওঁ কয় যে অহা ৯ নৱেম্বৰৰ পৰা ৮ ডিচেম্বৰৰ ভিতৰত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি সন্দৰ্ভত ওজৰ আপত্তি দাখিল কৰিব পাৰিব ।

২০২৩ চনৰ ৫ জানুৱাৰীত জিলাখনৰ চুড়ান্ত ভোটাৰ তালিকা প্রকাশ পাব বুলি উপায়ুক্তগৰাকীয়ে সদৰি কৰিছে । উক্ত সংবাদমেলত উপস্থিত থকা জিলা নির্বাচনী বিষয়া জানফি ৰংপীয়ে কয় যে ভোটাৰসকলে ভোটাৰ তালিকাত নিজৰ নাম, অন্য সমষ্টি বা অন্য কেন্দ্ৰলৈ সলনি কৰা,নাম শুদ্ধ কৰা আদিৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দিষ্ট প্ৰ-পত্ৰৰ যোগেদি আবেদন কৰিব পাৰিব(Voter List Special Short Correction)।

তদুপৰি ১৮ বছৰ সম্পূৰ্ণ নোহোৱা ১৭ বছৰ ঊৰ্ধ্বৰ যুৱক-যুৱতীসকলেও নিজৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব পাৰিব বুলি নির্বাচনী বিষয়াগৰাকীয়ে সদৰি কৰিছে । ইপিনে,ৰাইজৰ মাজত এই সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ কয় । সংবাদমেলখনত অতিৰিক্ত উপায়ুক্তৰ লগতে জিলা ভাৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়া উৰ্মি মেধী উপস্থিত থাকে । উল্লেখ্য যে হোজাই জিলা নির্বাচনী বিষয়া কাৰ্যালয়ৰ অধীনত ৩ টা বিধানসভা সমষ্টি আছে ।

লগতে পঢ়ক:Baksa DC Press Conference: বাক্সাত ভোটাৰ তালিকা বিশেষ সংক্ষিপ্ত সংশোধন সন্দৰ্ভত উপায়ুক্তৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.