ETV Bharat / state

ডবকাত একাংশ ৰাইজৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Dec 3, 2019, 12:00 AM IST

হোজাই জিলাৰ অন্তৰ্গত ডবকাত এগৰাকী নাবালিকাৰ সৈতে এজন 60 বছৰীয়া বৃদ্ধৰ অবৈধ সম্পৰ্কক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ ৷ বিভাগীয় কৰ্তৃপক্ষক শ্বফিকুৰ ৰহমানৰ বিৰুদ্ধে উচিত পদক্ষেপ লোৱাৰ দাবী ৷ অন্যথা আগন্তুক দিনত জংঘী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ স্থানীয় ৰাইজৰ ৷

একাংশ ৰাইজৰ ওপৰত ভূৱা গোচৰ ৰুজু
হোজাই জিলাৰ অন্তৰ্গত ডবকাত তীব্ৰ প্ৰতিবাদ

হোজাই, 2 ডিচেম্বৰ: হোজাই জিলাৰ অন্তৰ্গত ডবকাত এগৰাকী নাবালিকাৰ সৈতে এজন 60 বছৰীয়া বৃদ্ধৰ অবৈধ সম্পৰ্কক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ ৷ ডবকা থানাৰ অন্তৰ্গত নাম ডবকা গাঁৱৰ ৰাইজে ডবকা থানা মুৰ্দাবাদ, চিৰস্তাদাৰ শ্বফিকুৰ ৰহমান মুৰ্দাবাদ, হোজাই জিলা আৰক্ষী মুৰ্দাবাদ আদি শ্ল'গানেৰে এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ৷

প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ অনুসৰি, আব্দুল্লা নামৰ 60 বছৰীয়া বৃদ্ধজনক ৰাইজে হাতে লোটে ধৰি উত্তম মাধ্যম শোধোৱাৰ লগতে ডবকা আৰক্ষীক চমজাই দিয়ে ৷ কিন্তু ডবকা থানাৰ চিৰস্তাদাৰ শ্বফিকুৰ ৰহমানৰ সৈতে থকা অভিযুক্তৰ ঘৰুৱা সম্পৰ্কৰ বাবে, অভিযুক্তজনে জামিনত মুক্তি পায় ৷ মুক্তি পায়েই শ্বফিকুৰ ৰহমানৰ লগত মিলি অভিযুক্তই একাংশ ৰাইজৰ ওপৰত ভুৱা গোচৰ ৰুজু কৰে ৷

নাবালিকাৰ সৈতে এজন 60 বছৰীয়া বৃদ্ধৰ অবৈধ সম্পৰ্কক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ

চিৰস্তাদাৰ শ্বফিকুৰ ৰহমানে নিজ ক্ষমতাৰ সুযোগ লৈ সম্বন্ধীয় অভিযুক্তক ৰক্ষণাবেক্ষণ দি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ সেয়েহে স্থানীয় ৰাইজ একত্ৰিত হৈ বিভাগীয় কৰ্তৃপক্ষক শ্বফিকুৰ ৰহমানৰ বিৰুদ্ধে উচিত পদক্ষেপ লোৱাৰ দাবী জনায় ৷ অন্যথা আগন্তুক দিনত জংঘী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ স্থানীয় ৰাইজৰ ৷

লগতে পঢ়ক: ৰাজ্যসভাত কাজিৰঙাৰ প্ৰসংগঃ হাইলেণ্ড নিৰ্মাণৰ দাবী

Intro:হোজাই জিলাৰ অন্তৰ্গত নাম ডবকা গাওঁত এগৰাকী নাবালিকাক ধষৰ্ণ কৰাক কেন্দ্ৰ কৰি ৰাইজৰ এক বৃহৎ প্ৰতিবাদ৷Body:হোজাই জিলাৰ অন্তৰ্গত নাম ডবকা গাওঁত এগৰাকী নাবালিকাক ধষৰ্ণ কৰাক কেন্দ্ৰ কৰি ৰাইজৰ এক বৃহৎ প্ৰতিবাদ৷

হোজাই জিলাৰ ডবকা থানাৰ অন্তৰ্গত নাম ডবকা গাৱত ৰাইজে ডবকা থানা মূৰ্দা বাদ, চিৰস্তাদাৰ শ্বফিকুৰ ৰহমান মূৰ্দাবাদ, হোজাই জিলা আৰক্ষী মূৰ্দা বাদ আদি শ্ল গানেৰে এক বৃহৎ প্ৰতিবাদ কৰা দেখা যায়৷ প্ৰতিবাদ কাৰি ৰাইজে জানিবলৈ দিয়ে যে কিছু দিনৰ পুৰ্বে প্ৰায় ৬০ বছৰীয়া বৃদ্ধ এগৰাকীয়ে নাবালিকা কিশোৰীৰ লগত অবৈধ সম্পৰ্ক গঢ়ি তুলিছিল৷ যদিও ৰাইজে এদিনাখন এই বৃদ্ধ জনক হাতে লোটে ধৰি কিছু পৰিমাণে উত্তম মাধ্যম দিয়াৰ লগতে ডবকা আৰক্ষীক চমজাই দিয়ে৷ এই বৃদ্ধ জনৰ নাম হল আব্দুল্লা৷ জানিব পৰা মতে ডবকা থানাৰ চিৰস্তাদাৰ শ্বফিকুৰ ৰহমান আব্দুল্লাৰ সম্পৰ্কীয় শহুৰ সেয়ে আব্দুল্লায় জেলৰ পৰা জামিনত মুক্তি পাই আহি শহুৰ শ্বফিকুৰ ৰহমানৰ লগত মিলি একাংশ ৰাইজৰ ওপৰত ভূৱা গোচৰ ৰুজু কৰে যদিও তেওঁলোকৰ গোচৰৰ উমান পাই আগতীয়াকৈ জামিন লয়৷ কিন্তু ডবকা থানাৰ চিৰস্তাদাৰ ঘঠনাস্থলিত উপস্থিত হৈ কোনো ধৰণৰ তদন্ত নকৰি আব্দুল্লাৰ লগত সম্পৰ্ক বজাই ৰাখিবলে নিজৰ ইউনিফ্ৰম আৰু পষ্ট ৰ অপব্যৱাহৰ কৰি এগৰাকী মহিলাৰ গাত হাত দি জুৰ জবৰদস্তি চহী লৈ আহে৷ সেয়ে নাম ডবকা গাৱৰ ৰাইজ এক গোট হৈ প্ৰতিবাদ কৰে আৰু লগতে কয় যে যদি বিভাগীয় কতৃপক্ষই শ্বফিকুৰ ৰহমানৰ বিৰুদ্বে কোনো পদক্ষেপ নলয় তেন্তে ৰাইজে আগন্তুক দিনত জংকী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব৷

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.