ETV Bharat / state

হোজাইত বাল্যবিবাহঃ আৰক্ষীৰ সহযোগত উদ্ধাৰ নাবালিকা - হোজাই উদ্ধাৰ নাবালিকা

পৰৱৰ্তী সময়ত প্ৰেমিকৰ ঘৰতে নাবালিকাগৰাকীৰ বিবাহৰ যোজা চলাই ৷ ইফালে চাইল্ড লাইন আৰু নীলবাগান আৰক্ষীয়ে এই বাল্য বিবাহৰ শুংসূত্ৰ লাভ কৰাত শুকুৰবাৰে চাইল্ড লাইন আৰু নীলবাগান আৰক্ষীয়ে প্ৰেমিকৰ ঘৰৰ পৰা নাবালিকাগৰাকীক উদ্ধাৰ কৰে ৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত নাবালিকাগৰাকীক শিশু সুৰক্ষা গৃহলৈ প্ৰেৰণ কৰা হয় ৷

Hojai
Hojai
author img

By

Published : Aug 14, 2020, 7:16 PM IST

হোজাই, 14 আগষ্টঃ হোজাইত চাইল্ড লাইনৰ সহায়ত নীলবাগান আৰক্ষীয়ে উদ্ধাৰ কৰে এগৰাকী নাবালিকা ৷ ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি,জিলাখনৰ বৰবহাৰ গোপা বস্তিত সংঘটিত হৈছে এই ঘটনা ৷ প্ৰশনজিৎ দাসৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল এগৰাকী নাবালিকাগৰাকীৰ ৷ দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত নাবালিকাই এদিন পূৰ্বে প্ৰেমিকৰ সৈতে পলায়ন কৰে ৷

হোজাই

লগতে পঢ়কঃ সম্পূৰ্ণ কলিয়াবৰ বান প্ৰলয়ৰ তিনিটা বছৰ

পৰৱৰ্তী সময়ত প্ৰেমিকৰ ঘৰতে নাবালিকাগৰাকীৰ বিবাহৰ যোজা চলাই ৷ ইফালে চাইল্ড লাইন আৰু নীলবাগান আৰক্ষীয়ে এই বাল্য বিবাহৰ শুংসূত্ৰ লাভ কৰাত শুকুৰবাৰে চাইল্ড লাইন আৰু নীলবাগান আৰক্ষীয়ে প্ৰেমিকৰ ঘৰৰ পৰা নাবালিকাগৰাকীক উদ্ধাৰ কৰে ৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত নাবালিকাগৰাকীক শিশু সুৰক্ষা গৃহলৈ প্ৰেৰণ কৰা হয় ৷

উল্লেখ্য যে,চলিত মাহৰ মঙলবাৰে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণ,চাইল্ড লাইন আৰু মোৰাঝাৰ আৰক্ষীয়ে বন্ধ কৰিছিল দুখনকৈ বাল্য বিবাহ ৷ উদ্ধাৰ কৰিছিল প্ৰেমিকে চলনাৰে লৈ অহা ১৬ বছৰীয়া নাবালিকাক ৷ হোজাই জিলাত যিমানেই বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে, সিমানেই যেন বাল্যবিবাহৰ দৰে অপৰাধমূলক ঘটনা তীব্ৰ গতিত বৃদ্ধি পাবলৈ ধৰিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.