হোজাই, 7 এপ্ৰিল : ৰাজ্যপাল জগদীশ মুখী বুধবাৰে হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত উপস্থিত হোৱাৰ লগে লগে জিলা আৰক্ষী, বিশ্ববিদ্যালয়খনৰ স্কাউট এণ্ড গাইড, এন চি চি কেডেটসকলে গাৰ্ড অৱ অনাৰ দিয়ে ৷ ইয়াৰ পিছতে বিশ্ববিদ্যালয়খনৰ নৱনিৰ্মিত ঋদ্ধি ভৱনটো উদ্বোধন কৰে ৰাজ্যপাল মুখীয়ে(Rabindranath Tagore University Newly constructed Building inaugurated by Governor) ৷
দুপৰীয়াৰ আহাৰ আৰু বিশ্ৰামৰ অন্তত ৰাজ্যপালগৰাকীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড৹ অমলেন্দু চক্ৰৱৰ্তী, পঞ্জীয়ক, শৈক্ষিক পঞ্জীয়ক, পৰীক্ষা নিয়ন্ত্ৰকৰ লগতে বিত্ত বিভাগৰ বিষয়াৰ লগত এক বৈঠকত মিলিত হয় ৷ বৈঠকত বিশ্ববিদ্যালয়খনৰ উন্নয়নমূলক আঁচনি, নিৰ্মাণ, আন্তঃগাঁথনিকে ধৰি বিভিন্ন দিশৰ ওপৰত আলোচনা কৰাৰ অন্তত ৰাজ্যপালগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ বৰ্তমান আৰু প্ৰাক্তন শিক্ষকসকলৰ লগত এক বৈঠকত মিলিত হয় ৷ তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সৈতে মিলিত হয় ৷
হোজাই ভ্ৰমণৰ সময়ত ৰাজ্যপালগৰাকীয়ে বিশ্ববিদ্যালয়ৰ অনা-শৈক্ষিক কৰ্মচাৰীৰ লগতে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সংসদৰ প্ৰতিনিধিৰ সৈতেও বৈঠকত মিলিত হৈ বিভিন্ন দিশ আলোচনা কৰে ৷ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্যগৰাকীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱিত কেম্পাচো পৰিদৰ্শন কৰে ৷ বিশ্ববিদ্যালয়খনত ৰাজ্যপাল উপস্থিত হোৱাত ইয়াত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী উৎফুল্লিত হৈ পৰে ৷
ৰাজ্যপালগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় সম্পূৰ্ণ হৈ উঠাৰ পূৰ্বে বহু সময়ৰ প্ৰয়োজন হয় ৷ উপাচাৰ্যই দায়িত্ব গ্ৰহণ কৰাৰ পিছত বহু ধৰণৰ নীতি নিয়মৰ মাজেৰে আগবাঢ়িবলগীয়া হয় ৷ ৰাজ্যপালগৰাকীয়েই ইতিমধ্যে এই কামখিনি প্ৰায় সম্পূৰ্ণ হোৱাত সন্তোষ ব্যক্ত কৰে ৷ তেওঁ একাডেমিক প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠা বুলি উল্লেখ কৰি কৰি কয় যে, শৈক্ষিক দিশটো সম্পূৰ্ণ কৰি তোলাৰ কাৰণে বৰ্তমান চৰকাৰেও ভূমি আৱন্টনৰ দিয়াৰ লগতে প্ৰয়োজনীয় পুঁজি যোগান দিছে ৷
তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ নতুন অধ্যাপকসকলৰ কাৰণে ৬৮ টা পদ সৃষ্টি কৰাৰ কথা জানিবলৈ দিয়ে ৷ ইয়াৰ লগতে দুই-চাৰিদিনৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়াৰ আবেদন ঘোষণা কৰাৰ কথা জানিবলৈ দিয়ে ৷ আনহাতে যিসকল অধ্যাপক স্থায়ী নহয়, সেইসকলৰ পদ স্থায়ীকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি ৰাজ্যপালগৰাকীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ত ৰাজ্যপাল জগদীশ মুখী