হোজাই, 5চেপ্তেম্বৰ: সভ্য সমাজক লজ্জানত কৰি সংঘটিত হোৱা ধৰ্ষণৰ বলি হৈ মৃত্যুৰ সৈতে যুঁজি আছে হোজাইৰ এগৰাকী যুৱতীয়ে ৷ হোজাই জিলাৰ যমুনামুখৰ সৰুপথাৰত এই ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৷ খবৰ অনুসৰি 2 চেপ্তেম্বৰত ডবকাৰ ভেলৌগুৰীত যুৱতীগৰাকীক এটি নিৰ্জন ঘৰত হাত ভৰি বান্ধি ধৰ্ষণ কৰি নিৰ্মমভৱে প্ৰহাৰ কৰি মাজ নিশা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মুমূৰ্ষু অৱস্থাত পেলাই থৈ যায় ৷ দলবদ্ধ ধৰ্ষণৰ বলি হৈ বৰ্তমান মৃত্যুৰে যুঁজি আছে যুৱতী গৰাকীয়ে ৷
বিগত 16 জুনত ডবকাৰ ভেলৌগুৰিত এগৰাকী আদিবাসী যুৱতীক ধৰ্ষণ কৰি জ্বলাই হত্যা কৰাৰ চাঞ্চল্য মাৰ নাযাওতেই , পুনৰ সংঘটিত এই ঘটনাই স্বাভাৱিকতেই স্থানীয় ৰাইজ তথা সচেতন লোকসকলক চিন্তিত কৰি তুলিছে ৷
ঘটনা সন্দৰ্ভত ইতিমধ্যে ডবকা থানাত এখন এজাহাৰ দাখিল কৰা হৈছে ৷ এজাহাৰৰ ভিত্তিত ডবকা আৰক্ষীয়ে ইতিমধ্যে তাজ উদ্দিন নামৰ মূল অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছে ৷ অভিযুক্ত তাজ উদ্দিনৰ ঘৰ যমুনামুখৰ ডেকেৰুৱা গাঁৱত বুলি জানিব পৰা গৈছে ৷
এই শিহৰণকাৰী ঘটনাই কঁপাই তুলিছে সমগ্ৰ ডবকা অঞ্চল ৷ কেৱল এইবাৰেই নহয় ঘৰটোত পূৰ্বেও বহু অনৈতিক কাৰ্য সংঘটিত হোৱাৰ অভিযোগ তুলিছে স্থানীয় লোকে ৷ ক্ষুব্ধ ৰাইজে দোষীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী তুলিছে ৷
লগতে পঢ়ক: যোৰহাটত এক চাঞ্চল্যকৰ হত্যাকাণ্ড