ETV Bharat / state

প্ৰেমিকে ভাইৰেল কৰিলে গোপন ফটো; আত্মহননৰ চেষ্টা প্ৰেমিকাৰ

author img

By

Published : Nov 9, 2020, 9:18 AM IST

প্ৰলোভনেৰে প্ৰেমৰ জালত পেলাই যুৱতীৰ সৈতে অভিসাৰ যুৱকৰ ৷ হোৱাটচ্ এপযোগে ভাইৰেল কৰিলে যুৱতীৰ আপত্তিজনক আলোকচিত্ৰ ৷ বিহ পান কৰি আত্মহত্যাৰ চেষ্টা ভুক্তভোগী যুৱতীৰ ৷

girl consumed poison to suicide after boyfriend viral nude photo

হোজাই, 9 নবেম্বৰ : প্ৰেমৰ নামত প্ৰতাৰণা, প্ৰৱঞ্চনা, ব্লেক মেইলিং এইবোৰ কোনো নতুন কথা নহয় ৷ নিতৌ এনেধৰণৰ অনেক ঘটনা সংঘটিত হৈ থাকে ৰাজ্যত ৷ এনেধৰণৰ ঘটনা ৰাজিৰ বিষয়ে প্ৰতি নিয়ত অৱগত হোৱাৰ পাচতো কিন্তু বহুতেই একে পথেৰে গতি কৰে ৷ যেতিয়া ভুক্তভোগী হৈ পৰে তেতিয়া তাৰে মাজৰ বহুতেই বাচি লয় আত্মহননৰ পথ ৷ এইবাৰ তেনে এক ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ লংকাত ৷ প্ৰেমত পৰি প্ৰেমিকৰ হাতত ধৰ্ষিতা হ’ল এগৰাকী কলেজীয়া ছাত্ৰী ৷ ভাইৰেল হৈ পৰিল যুৱতী গৰাকীৰ আপত্তিজনক আলোক চিত্ৰ ৷ তাৰ পাচতে আত্মহত্যাৰ চেষ্টা চলায় যুৱতীগৰাকীয়ে ৷

নজৰুল হক

ঘটনা অনুসৰি, লংকাৰ লাচিত পথাৰৰ নজৰুল হক নামৰ যুৱকজনে প্ৰলোভনেৰে প্ৰেমৰ জালত পেলাই এগৰাকী যুৱতীক ৷ লক্ ডাউনৰ সময়চোৱাত যুৱতীগৰাকীক লংকাৰ এখন হোটেললৈ নি বলপূৰ্বকভাৱে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে নজৰুলে ৷ কেৱল ইমানেই নহয়, যুৱকজনে কেমেৰাত আৱদ্ধ কৰে যুৱতীগৰাকীৰ নগ্ন ছবি ৷ পৰৱৰ্তী সময়ত সেই ফটো নজৰুলে হোৱাটচ্ এপ যোগে প্ৰেৰণ কৰে বিভিন্নজনলৈ ৷ এই কথা জানিব পাৰি সহায় বিচাৰি আইনৰ কাষ চাপে যুৱতী গৰাকী ৷ কিন্তু বৰ্তমানলৈকে কোনো সঁহাৰি নোপোৱাত বিহ পান কৰি আত্মহত্যাৰ চেষ্টা চলায় যুৱতীগৰাকীয়ে ৷

ভুক্তভোগী যুৱতীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জনায় যে, উপযুক্ত ন্যায় নাপালে আত্মহত্যা কৰিব তেওঁ আৰু ইয়াৰ বাবে জগৰীয়া হ’ব প্ৰেমিক-প্ৰেমিকা আৰু স্থানীয় আৰক্ষী ৷ ঘটনা সন্দৰ্ভত যিহেতু আৰক্ষীকো সাঙুৰি লোৱা হৈছে, গতিকে আৰক্ষীয়ে কেনেদৰে এই ঘটনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : বিজেপিৰ কাৰ্যকালত সম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই: ৰণজিৎ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.