ETV Bharat / state

হোজাইত গাঞ্জাসহ আটক সৰবৰাহকাৰী

ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ ইয়াৰ মাজতে হোজাই আৰক্ষীৰ অভিযানত গাঞ্জাসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী ৷

author img

By

Published : Jul 25, 2021, 10:14 PM IST

ganja-smuggler-arrested-by-hojai-police
হোজাইত গাঞ্জা সহ আৰক্ষীৰ জালত গাঞ্জা সৰৱৰাহকাৰী

হোজাই, 25 জুলাই : দেওবাৰে সন্ধিয়া হোজাই আৰক্ষীৰ অভিযানত গাঞ্জাসহ গ্ৰেপ্তাৰ হয় দুই সৰবৰাহকাৰী ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ধৃত ব্যক্তি দুজন হৈছে দংকি গাঁৱৰ জালাল উদ্দিন আৰু 1 নং ৰেল গেট'ৰ সমীপৰ ৰামা ৷ এক গোপন তথ্যৰ ভিত্তিত দংকি গাঁৱৰ জালাল উদ্দিনৰ ঘৰত অভিযান চলাই পাঁচ কেজি গাঞ্জাসহ উদ্দিনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ইয়াৰ পিছতে ধৃত জালাল উদ্দিনৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে ৰামা নামৰ লোকজনৰ ঘৰত অভিযান চলাই ৰামাক গ্ৰেপ্তাৰ কৰে ৷

এই ঘটনাৰ পাছতে অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ ইপিনে ধৃত জালাল উদ্দিনে প্ৰদান কৰিছে এক চাঞ্চল্যকৰ ভাষ্য ৷ ধৃত জালালে প্ৰকাশ কৰা মতে, পূৰ্বে তেওঁ হেনো আছিল আৰক্ষীৰ এগৰাকী তথ্য যোগান ধৰোতা ৷ জালাল উদ্দিনৰ খবৰৰ ভিত্তিতে হেনো আৰক্ষীয়ে কেইবাটাও ড্ৰাগছৰ ঘাটিত চলাইছিল অভিযান ৷

হোজাইত গাঞ্জাসহ আটক সৰবৰাহকাৰী

পিছে দেওবাৰৰ দিনটো সঁচাকৈয়ে দেওলগা আছিল জালাল উদ্দিনৰ বাবে ৷ কিয়নো নিজকে আৰক্ষীৰ খবৰীলাল বুলি দাবী কৰা জালালৰ ঘৰতে অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিলে বুজন পৰিমাণৰ গাঞ্জা ৷ আৰক্ষীয়ে গাঞ্জাসহ জালাল উদ্দিনক গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহে এই সকলো কথা ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে এখন ড্ৰাগছ মুক্ত অসম গঢ়াৰ বাবে অসম আৰক্ষীক কঠোৰৰ পৰা কঠোৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাই ৷ ইয়াৰ পাছৰে পৰা সমগ্ৰ অসমতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷ ইতিমধ্যে ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে বুজন পৰিমাণৰ ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰী সহ আৰক্ষীৰ জালত পৰিছে বহু ড্ৰাগছ সৰবৰাহকাৰী ৷

লগতে পঢ়কঃবন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত গৃহৰক্ষী জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.