ETV Bharat / state

লংকাত আৰক্ষীৰ অভিযানত জব্দ নিষিদ্ধ গাঞ্জা

author img

By

Published : Aug 12, 2021, 12:31 PM IST

স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ দুটা দিন বাকী । যাৰ বাবে ৰাজ্যজুৰি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । এনে নিৰাপত্তা বেষ্টনীৰ মাজতো ৰাজ্যত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ ।

ganja seize
লংকাত আৰক্ষীৰ তালাচী অভিযানত জব্দ নিষিদ্ধ গাঞ্জা

হোজাই, ১২ আগষ্ট : ড্ৰাগছ (Drugs) আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ (Assam Police) অভিযান অব্যাহত আছে । চলিত বছৰত অসম আৰক্ষীয়ে কোটি কোটি টকাৰ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য জব্দ কৰিছে । লগতে ইয়াৰ লগত জড়িত বহু লোককো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ইফালে ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতে ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছিল ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ প্ৰতিখন জিলাতে সষ্টম হৈ পৰিছিল অসম আৰক্ষী । ইতিমধ্যে জব্দ কৰা ড্ৰাগছ, গাঞ্জা আদি নিচাজাতীয় সামগ্ৰীবোৰ নষ্ট কৰিও দিছে প্ৰশাসনে । কিন্তু তাৰ পাছতো দুষ্টচক্ৰই সুৰুঙা উলিয়াই এনে সামগ্ৰীবোৰৰ সৰবৰাহ অব্যাহত ৰাখিছে । সামগ্ৰীবোৰ সৰবৰাহৰ বাবে বিভিন্ন পন্থা হাতত লৈছে দুষ্টচক্ৰই । অৱশ্যে আৰক্ষীৰ তালাচীত বহু সময়ত দুষ্টচক্ৰৰ ন ন কৌশলবোৰ বিফল হোৱা দেখা যায় ।

হোজাইতো তেনে এক ঘটনা সংঘটিত হ'ল ৷ হোজাই জিলাৰ লংকা আৰক্ষীৰ অভিযানত জব্দ হয় চাৰি পেকেট গাঞ্জা (Ganja) । এখন ই-ৰিক্সাৰ পৰা আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি । লংকা ৰেল ষ্টেচনৰ ওচৰতে আৰক্ষীৰ তালাচী অভিযানত উদ্ধাৰ হয় গাঞ্জাখিনি ।

ই-ৰিক্সাখন ষ্টেচনৰ পৰা লংকাৰ ৰূপনগৰলৈ গৈ থকা অৱস্থাতে আৰক্ষীয়ে দুটাকৈ বেগৰ পৰা জব্দ কৰে নিষিদ্ধ গাঞ্জাখিনি । অৱশ্যে এতিয়ালৈ কোনো সৰবৰাহকাৰীক আটক কৰিব পৰা নাই যদিও আৰক্ষীয়ে ই-ৰিক্সাখনৰ চালকক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে । স্বাধীনতা দিৱসৰ (Independence Day) প্ৰাকক্ষণত তালাচী চকী স্থাপন কৰাৰ সময়তে এই গাঞ্জাখিনি জব্দ কৰা হয় ।

লগতে পঢ়ক : বন বিভাগৰ অভিযানত ডেৰ লাখ টকাৰ চোৰাং কাঠ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.