হোজাই,২৬ আগষ্ট: হোজাই জিলাখনক শিক্ষাৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই নিয়াৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ ৷ বৃহস্পতিবাৰে হোজাই জিলাৰ লামডিঙত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিলান্যাস কৰা হয়(Foundation stone of of Kasturba Gandhi School) ৷ লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰী আৰু হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্তৰ উপস্থিতত বিদ্যালয়খনৰ শিলান্যাস কৰে ৷
হোজাই জিলাৰ ভিতৰতে এইখনেই প্ৰথম স্থায়ী বালিকা বিদ্যালয় আৰু ছাত্ৰীবাসৰ ব্যৱস্থা থকা চৰকাৰী বিদ্যালয় ৷ এই বিদ্যালয়খনত বিশেষকৈ আধাতে স্কুলীয়া জীৱন এৰা ছাত্ৰী সকলে অধ্যয়ন কৰিব পাৰিব । উপায়ুক্তগৰাকীৰ মতে ভাৰতৰ ভিতৰত হোজাই জিলাতে সৰ্বাধিক আধাতে স্কুলীয়া জীৱন শেষ কৰাৰ ছাত্ৰীৰ সংখ্যা বেছি ৷ সেই সকল ছাত্ৰীৰ বাবে পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিনামূলীয়াকৈ চৰকাৰে থকা-খোৱাৰ ব্যৱস্থাৰ বাবে ১কোটি ৭০ লাখ টকা ব্যয়ৰ বিনিময়ত নগাঁৱৰ এন চি এন্টাৰপেৰাইজ কোম্পানীয়ে ঠিকা লৈছে ৷
উপায়ুক্তগৰাকীয়ে ৬ মাহৰ ভিতৰত বিদ্যালয়খনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব বুলি সদৰী কৰে ৷ তাৰোপৰি উপায়ুক্তগৰাকীয়ে লামডিংবাসী ৰাইজৰ লগতে পৌৰসভা, পঞ্চায়তৰ সকলো লোককে এই বিদ্যালয়ৰ কাম সঠিকভাৱে আৰু নিকাভাৱে যাতে হয় তাক প্ৰতি দৃষ্টি দিবলৈ আহ্বান জনায় । এই শিলান্যাসত লামডিং পৌৰসভাৰ সকলো সদস্য তথা লামডিঙৰ প্ৰতিটো পঞ্চায়তৰ সভাপতি, সদস্য সকলো উপস্থিত থাকে ৷
লগতে পঢ়ক: এবিভিপিয়ে হিমন্তবিশ্ব শৰ্মাক ভোট নিদিবলৈও আহ্বান জনাব পাৰে