হোজাই,২৩ জুন : অসম জৈৱ বৈচিত্ৰৰে ভৰা । ইয়াৰ বনাঞ্চল আৰু জীৱ-জন্তুৰ ভিন্নতাই আপ্লুত কৰে সকলোকে । যাৰ বাবে বছৰি লাখ লাখ দেশী আৰু বিদেশী পৰ্যটকৰ আগমন ঘটে অসমলৈ । কিন্তু এই প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰত দীৰ্ঘদিন ধৰি কুদৃষ্টি পৰা দেখা যায় একাংশ দুষ্টচক্ৰৰ ।
বছৰি চোৰাং চিকাৰীৰ হাতত অসমৰ বহু আপুৰুগীয়া জীৱ-জন্তুৰ নিধন হোৱা দেখা যায় । বিদেশৰ বজাৰত জীৱ-জন্তু শৰীৰৰ অংগ বিক্ৰী কৰাৰ লোভত বহু জন্তু চিকাৰীয়ে হত্যা কৰে । কিন্তু বিগত কেইবাবছৰ ধৰি বন বিভাগৰ তৎপৰতাত চোৰাং চিকাৰীৰ কাৰ্য-কলাপ কিছু হ্ৰাস হোৱা দেখা গৈছে । অৱশ্যে তাৰ মাজতে বন বিভাগক চকু ধূলি দি চিকাৰীয়ে বনাঞ্চলসমূহত কুকাৰ্য চলাই আহিছে ।
যাৰ বাবে সময়ে সময়ে বন বিভাগে অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছে বহু চোৰাং চিকাৰী । বহু সময় বনকৰ্মী আৰু চোৰাং চিকাৰীৰ সংঘাত হোৱাও দেখা যায় । এইবাৰ পুনৰ বনৰক্ষী আৰু চোৰাং চিকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয় ।
এইবাৰৰ স্থান লামডিং বনাঞ্চল (Lumding forest area) । বুধবাৰে লামডিং বনাঞ্চলত বনৰক্ষী(Forst guard) আৰু চোৰাং চিকাৰীৰ (Hunter) মাজত এক তীব্ৰ সংঘৰ্ষৰ সূত্ৰপাত হয় ৷ কৰ্তব্যৰত বনৰক্ষী বাহিনীৰ জোৱানলৈ লক্ষ্য কৰি চোৰাং চিকাৰীয়ে গুলীচালনা কৰে ৷ উল্লেখ্য যে লামডিং বনবিভাগে (Lumding Forest department) দীৰ্ঘদিন ধৰি প্ৰতিদিনে নিয়মীয়া তালাচী চলাই আহিছে লামডিং সংৰক্ষিত বনাঞ্চলত ।
বুধবাৰে দিনৰ ভাগত লামডিং বন বিষয়া ছৈয়দুল আলমৰ নেতৃত্বত বনৰক্ষীৰ তহলদাৰী দলটোৱে বনাঞ্চলত তালাচী চলাই থকাৰ সময়তে তিনিজন চোৰাং চিকাৰীয়ে হাতে সজা বন্দুকেৰে(Hand made pistol) বনকৰ্মীলৈ লক্ষ্য কৰি দুই জাঁই গুলীচালনা কৰে ৷ আনফালে নিজৰ সুৰক্ষাৰ বাবে বনবিভাগে এটা ৰাউণ্ড গুলীচালনা কৰি হাতে-লোটে এজনক আটক কৰিবলৈ সক্ষম হয় বন বিভাগৰ দলটোৱে ৷ ইতিমধ্যে ৩নং চাৰ্থে বস্তিৰ ৬৫ বছৰীয়া ৰেকিব আলী নামৰ চোৰাং চিকাৰীটোক আটক কৰে যদিও আন দুটা চোৰাং চিকাৰীটো বন্দুকসহ পলাই যাবলৈ সক্ষম হয় ৷ বন বিভাগে ৰেকিবৰ পৰা হাতে সজা বন্দুক, বাৰুদ, গুলী (bullet), চোকা অস্ত্ৰ, এখন জালৰ লগতে কেইবাটাও বনৰীয়া চৰাই উদ্ধাৰ কৰে ৷
লামডিং বন সংমণ্ডলৰ বিষয়া ছৈয়দুল আলমৰ নেতৃত্বত এই অভিযান চলাইছিল বন বিভাগে ৷ হাতে সজা বন্দুক ব্যৱহাৰ কৰি বন ধ্বংস কৰা চোৰাং চিকাৰী কেইটা ডকাইতিৰ(robbery) ঘটনা লগতো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে বন বিভাগৰ দলটোৱে । ইতিমধ্যে ধৃত চোৰাং চিকাৰীটোৰ বিৰুদ্ধে বন বিভাগে গ্ৰহণ কৰিছে আইনী ব্যৱস্থা ।
লগতে পঢ়ক: কাগজ কল নিলামৰ বাবে পুনৰ বিজ্ঞাপন